স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ :আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ দ্বিতীয় মেচত শুকুৰবাৰে পাকিস্তানে নেদাৰলেণ্ডক ৮১ ৰাণত পৰাস্ত কৰে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছে পাকিস্তানৰ বিৰুদ্ধে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি পাক দলে ২৮৬ ৰাণ সংগ্ৰহ কৰে । উল্লেখনীয় কথাটো হৈছে, পাক দলে সম্পূৰ্ণ অভাৰ খেলাত ব্যৰ্থ হয় । ৪৯ অভাৰত পাকিস্তান অলআউট হয় ।
নেদাৰলেণ্ডৰ বলিং আক্ৰমণৰ সন্মুখত পাক বেটছমেনসকলে নিজৰ স্বাভাৱিক খেল প্ৰদৰ্শনত ব্যৰ্থ হয় । অপেনাৰ ফখৰ জামান আৰু ইমাম-উল হকে দলক স্থিৰতাপূৰ্ণ আৰম্ভণি প্ৰদানত ব্যৰ্থ হয় । আনহাতে, অধিনায়ক বাবৰ আজমেও স্বাভাৱিক ছন্দত খেলাত ব্যৰ্থ হয় । আৰম্ভণিতে ৩৩ ৰাণৰ ভিতৰতে পাকিস্তানে আগশাৰীৰ তিনিজন বেটছমেনক হেৰুৱাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ইয়াৰ পিছত অৱশ্যে মহম্মদ ৰিজৱান আৰু সাউদ চাকিলে পাকিস্তানী ইনিংছ চম্ভালে ।
মহম্মদ ৰিজৱানে ৭৫ বলত ৬৮ আৰু সাউদ চাকিলে ৫২ বলত ৬৮ ৰাণ সংগ্ৰহ কৰে । এই দুগৰাকী বেটছমেনৰ দৃঢ়তাৰ বাবেই পাকিস্তানে এক সন্মানজনক স্ক'ৰ কৰিবলৈ সক্ষম হয় । আনহাতে, নেদাৰলেণ্ডৰ সফল বলাৰ হৈছে বছ ডি লেডে । তেওঁ ৯ অভাৰত ৬২ ৰাণ খৰচ কৰি পাকিস্তানৰ ৯ টা মূল্যৱান উইকেট দখল কৰে ।