অসম

assam

ETV Bharat / sports

ধোনী সদায় মোৰ 'কেপ্তেইন' : কোহলী - ধোনীৰ জন্মদিন

38 বছৰ বয়সত ভৰি দিয়া ভাৰতীয় ক্ৰিকেটাৰ ধোনীক টুইটাৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে কোহলীয়ে ৷

ধোনী সদায় মোৰ 'কেপ্তেইন' : কোহলী

By

Published : Jul 7, 2019, 8:22 PM IST

নিউজ ডেস্ক, 7 জুলাই : বিশ্বকাপ, 2011 জয়ী ভাৰতীয় দলৰ অধিনায়ক এম. এছ. ধোনীয়ে দেওবাৰে 38 বছৰত ভৰি দিলে ৷ এই লৈ উইকেট কীপাৰ বেটছমেন গৰাকীক ক্ৰিকেট পৰিয়ালৰ লগতে অনুৰাগী সকলেও শুভেচ্ছা জ্ঞাপন কৰাৰ সময়তে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়েও টুইটাৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে ৷

এম. এছ. ধোনী

শুভেচ্ছাত কোহলীয়ে উল্লেখ কৰে যে, জন্মদিনৰ বাবে ধোনীলৈ অশেষ শুভকামনা থাকিল ৷ বহু কম সংখ্যক লোকে বিশ্বাস আৰু সন্মানৰ অৰ্থ বুজি পায় ৷ কোহলীয়ে লগতে মন্তব্য কৰে যে, ধোনীৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে তেওঁ সদায়ে আনন্দিত ৷ সকলোৰে বাবে এজন জ্যেষ্ঠ ভাতৃৰ দৰে হোৱাৰ লগতে কোহলীৰ বাবে সদায় ধোনীয়েই 'কেপ্তেইন' হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে ৷

বিৰাট কোহলী

ABOUT THE AUTHOR

...view details