অসম

assam

ETV Bharat / sports

এখন খেলক লৈ টীম ইণ্ডিয়াক বিচাৰ কৰা উচিত নহয়ঃ তেণ্ডুলকাৰ - just one game lost

বিশ্বকাপ ক্ৰিকেটত প্ৰথমখন অভ্যাস মেচত নিউজিলেণ্ডৰ হাতত ভাৰত 6 উইকেটতত পৰাস্ত হোৱাৰ পিচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে "মই প্ৰতিখন মেচৰ পিচত দলটোক কোনো ধৰণৰ মূল্যাংকণ নকৰো ৷ এইখন বৃহৎ টুৰ্ণামেণ্ট আৰু ইয়াত এনেকুৱা ধৰণৰ ঘটনা ঘটিবই ৷ মুখ্য টুৰ্ণামেণ্ট এতিয়ালৈকে আৰম্ভ হোৱা নাই৷"

এখন খেলক লৈ টীম ইণ্ডিয়াক বিচাৰ কৰা উচিত নহয়ঃ তেণ্ডুলকাৰ

By

Published : May 27, 2019, 3:44 PM IST

Updated : May 27, 2019, 4:00 PM IST

নিউজ ডেস্ক 27 মেঃ বিশ্বকাপ ক্ৰিকেটত প্ৰথম খন অভ্যাস মেচত নিউজিলেণ্ডৰ হাতত ভাৰত 6 উইকেটতত পৰাস্ত হোৱাৰ পিচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে " মই প্ৰতিখন মেচৰ পিচত দলটোক কোনো ধৰণৰ মূল্যাংকন নকৰো ৷ এইখন বৃহৎ টুৰ্ণামেণ্ট আৰু ইয়াত এনেকুৱা ধৰণৰ ঘটনা ঘটিবই ৷ মুখ্য টুৰ্ণামেণ্ট এতিয়ালৈকে আৰম্ভ হোৱা নাই ৷"

এখন খেলক লৈ টীম ইণ্ডিয়াক বিচাৰ কৰা উচিত নহয়ঃ তেণ্ডুলকাৰ
শচীনে লগতে কয় যে "আমি পৰিস্থিতি বুজি খেলিব লাগিব,এখন বা দুখন মেচ ইফাল সিফাল হব পাৰে ৷ ভাৰতে অভ্যাস মেচত সুবিধা ল'ব লাগিব ৷ দলটোৱে পিটচ খনৰ বিষয়ে বুজিব লাগিব" লগতে শচীনে মন্তব্য কৰে যে কেতিয়াবা দলটোৱে বিভিন্ন কৌশল প্ৰয়োগ কৰি খেল পথাৰত নামিব লগীয়া হয় ৷ প্ৰতিটো দলে শেষ পৰ্যন্তলৈকে নিশ্চিত নহয় যে কোনজন বলাৰ বা বেটচ মেনত বিশ্ৰাম দিয়া হ'ব ৷ কোনোটো দলেই অন্তিম একাদশৰ কথা ৰাজহুৱা কৰিব নিবিচাৰে ৷ লগতে তেণ্ডুলকাৰে কয় প্ৰতিটো দলে এতিয়া প্ৰস্তুতি চলাই আছে ৷ আৰু লগতে দলবোৰে ৰণনীতি প্ৰস্তুত কৰিছে যাতে কোনজন খেলুৱৈ সময়ত বিধ্বংসী হৈ উঠে ৷
এখন খেলক লৈ টীম ইণ্ডিয়াক বিচাৰ কৰা উচিত নহয়ঃ তেণ্ডুলকাৰ
উল্লেখ্য যে শচীন তেণ্ডুলকাৰে মুম্বাই টী-20 লীগত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে ৷
Last Updated : May 27, 2019, 4:00 PM IST

ABOUT THE AUTHOR

...view details