অসম

assam

ETV Bharat / sports

আজি বিশ্বকাপত ভাৰতৰ সন্মুখত আফগানিস্তান

দ্য ৰ’জ বল ছাউথাম্পটনত বিশ্বকাপৰ 28 সংখ্যক মেচত অৱতীৰ্ণ হ’ব বিশ্ব ক্ৰিকেটৰ এক অন্যতম শক্তিশালী দল ভাৰত ৷ ভাৰতৰ সন্মুখত থাকিব আফগানিস্তান ৷

By

Published : Jun 22, 2019, 8:55 AM IST

Updated : Jun 22, 2019, 10:21 AM IST

আজি বিশ্বকাপত ভাৰতৰ সন্মুখত আফগানিস্তান

স্পৰ্টছ ডেস্ক, 22 জুনঃআই চি চি বিশ্বকাপত শনিবাৰে অৰ্থাৎ আজি আফগানিস্তানৰ মুখামুখি হ’ব ভাৰত ৷ বৰ্তমান লৈকে আফগানিস্তান দলটোৱে এই বিশ্বকাপত লাভ কৰিবলৈ সক্ষম হোৱা নাই জয়ৰ সোৱাদ ৷ দলটোৱে নিজৰ 5 খন মেচৰ 5 খনতেই পৰাজয়ৰ সন্মুখীন হৈছে ৷ আনহাতে ভাৰতীয় দলটোৱে নিজৰ 4 খন মেচৰ 3 খনত জয় লাভ কৰি 7 পইণ্টৰে পইণ্টছ টেবুলৰ চতুৰ্থ স্থানত অধিষ্ঠিত আছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বৰষুণৰ বাবে এখন মেচ বাতিল হৈছিল ভাৰতৰ ৷ দুয়োটা দলৰ মাজত ভাগ কৰা হৈছিল এক-এক পইণ্ট ৷

ভাৰত বনাম আফগানিস্তান

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ দৃষ্টিভংগীৰে আজিৰ মেচখন অধিক প্ৰত্যাহ্বানমূলক নহ’ব ৷ অৱশ্যে ক্ৰিকেট হৈছে অনিশ্চিয়তাৰ খেল গতিকে বিৰাট বাহিনীয়েও সাৱধান থাকিব লাগিব বিশ্বৰ আগশাৰীৰ স্পিনাৰ ৰাছিদ খানৰ বিৰুদ্ধে ৷ লগতে মহম্মদ নাবীয়ো ভাৰতীয় দলটোৰ জয়ৰ সন্মুখত হৈ পৰিব পাৰে বাধা ৷

আজি বিশ্বকাপত ভাৰতৰ সন্মুখত আফগানিস্তান

ইপিনে আফগানিস্তান দলটোৰ বাবে মুখ্য সমস্যা হৈছে দলটোৰ খেলুৱৈৰ মাজত থকা বাদ-বিবাদ ৷ ইতিমধ্যে দলৰ নৱ নিযুক্ত অধিনায়কক লৈ ৰাছিদ খান আৰু নাবীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ শেহতীয়াকৈ ৰাছিদ খানে এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে, তেওঁ অধিনায়ক তথা আফগানিস্তান ক্ৰিকেট বৰ্ডৰ বাবে নহয় দেশৰ বাবেহে খেলিছে ৷ অৱশ্যে নৱ নিযুক্ত অধিনায়ক গুলৱদীনৰ ওপৰত তেওঁৰ এক শতাংশই সমৰ্থন আছে বুলি কয় ৰাছিদ খানে ৷

বিশ্বকাপত অভিষেক ঘটিব পাৰে ঋষভ পন্তৰ

আনহাতে এইখন মেচত ভাৰতীয় দলটোত বিশ্বকাপত অভিষেক ঘটিব পাৰে শিখৰ ধাৱনত স্থান লাভ কৰা ঋষভ পন্তৰ ৷ পন্তে অ’পেনাৰ হিচাপে পদাৰ্পণ কৰিব নে মধ্যক্ৰমত তাৰ বাবে অপেক্ষা কৰিব লাগিব টছলৈ ৷ গতিকে আজিৰ মেচখনত জয় লাভ কৰি ছেমিফাইনেলৰ স্থান অধিক সুদৃঢ় কৰাৰ লক্ষ্য হ’ব ভাৰতীয় দলৰ ৷

লগতে চাওকঃ পুনৰ খেলপথাৰত নামিব চেম্পিয়ন যুৱৰাজ সিং

Last Updated : Jun 22, 2019, 10:21 AM IST

ABOUT THE AUTHOR

...view details