স্পৰ্টচ ডেস্ক, 11 জুনঃ ইংলেণ্ডৰ ব্ৰিষ্টল কাউন্টি গাৰ্ডেনত মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ বাংলাদেশ শ্ৰীলংকাৰ খেলখন প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হয় ৷ ইয়াৰপূৰ্বে সোমবাৰেও ৱেষ্ট ইণ্ডিচ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবেই স্থগিত ৰখা হৈছিল ৷
বিশ্বকাপ 2019ঃ প্ৰতিকূল বতৰৰ বাবে স্থগিত বাংলাদেশ-শ্ৰীলংকাৰ খেল - ব্ৰিষ্টল কাউন্টি গাৰ্ডেন
মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ বাংলাদেশ-শ্ৰীলংকাৰ খেলখন প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হয়
বিশ্বকাপ 2019: প্ৰতিকূল বতৰৰ বাবে স্থগিত বাংলাদেশ-শ্ৰীলংকাৰ খেল
উল্লেখ্য যে, প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে শ্ৰীলংকা পৰাজিত হৈছিল যদিও আফগানিস্তানৰ বিৰুদ্ধে 34 ৰাণেৰে জয়লাভ কৰিছিল শ্ৰীলংকাই ৷ উল্লেখ্য যে, এইবাৰ বিশ্বকাপ ক্ৰিকেটৰ তিনিখনকৈ খেল বৰযুণৰ বাবেই স্থগিত ৰাখিব লগীয়া হয়৷ আনহাতে শ্ৰীলংকাই 15 জুনত বাংলাদেশৰ মুখামুখী হোৱাৰ বিপৰীতে 17 জুনত ৱেষ্ট ইণ্ডিজৰ মুখামুখী হ'ব দলটো ৷