অসম

assam

২০২২ বিশ্বকাপৰ বাবে সাজু ভাৰতীয় মহিলা ক্ৰিকেট দল

প্ৰতিযোগিতাৰ কোৱালিফায়িং খেলখনত অংশগ্ৰহণ কৰিব আয়োজক নিউজিলেণ্ড আৰু ভাৰতে । অহা ৪ মাৰ্চত বে' অভেলত অনুষ্ঠিত হ'ব খেলখন । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ঘোষণা কৰিছে এই কথা ।

By

Published : Dec 15, 2020, 7:58 PM IST

Published : Dec 15, 2020, 7:58 PM IST

আইচিচি এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতা ২০২২
আইচিচি এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতা ২০২২

স্পৰ্টছ ডেস্ক, ১৫ ডিচেম্বৰ :মহিলা ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা ২০২২ৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে মঙলবাৰে ঘোষণা কৰা অনুসৰি, ৪ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া কোৱালিফায়াৰ স্তৰত প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব আয়োজক দেশ নিউজিলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে ।

২০২২ৰ ৪ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ চলিবলগীয়া শীৰ্ষ প্ৰতিযোগিতাখনত সৰ্বমুঠ ৩১ দিনত ৩১ খন খেল অনুষ্ঠিত হ'ব । ২০২০ৰ মাৰ্চত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা মহিলা টি২০ বিশ্বকাপ প্ৰতিযোগিতাৰ পিচত এয়া হৈছে মহিলাৰ সৰ্বস্তৰৰ ক্ৰিয়া প্ৰতিযোগিতা । ২০২১ৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন কোভিডৰ বাবে ২০২২লৈ পিচুৱাই দিয়া হয় ।

আইচিচি এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতা ২০২২

২০২২ৰ ৪ মাৰ্চত প্ৰতিযোগিতাৰ প্ৰথম তথা উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব আয়োজক দেশ নিউজিলেণ্ড আৰু ভাৰতে ।

গ্ৰুপ ষ্টেজত ভাৰতে ৭খন খেল খেলিব । তাৰ ভিতৰত চাৰিখন নিউজিলেণ্ড (১০ মাৰ্চ), ইংলেণ্ড (মাৰ্চ ১৬), অষ্ট্ৰেলিয়া (মাৰ্চ ১৯) আৰু দক্ষিণ আফ্ৰিকা (মাৰ্চ ২৭)ৰ বিৰুদ্ধে খেলিব ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে । বাকী তিনিখন খেল কোৱালিফায়াৰ নিশ্চিত হোৱাৰ পিচত ঘোষণা কৰা হ'ব ।

প্ৰতিযোগিতাক লৈ যথেষ্ট আগ্ৰহী হৈ আছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজ । সমগ্ৰ বছৰটো বিভিন্ন বাধাৰ মাজেৰে পাৰ কৰাৰ পিচত আমি আটায়ে ভালপোৱা খেলখনত অংশগ্ৰহণ কৰিবলৈ আমি বাট চাই আছো বুলি কয় মিথালী ৰাজে ।

মিথালী ৰাজে কয় যে, “বিগত ৩-৪ বছৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাই হওক অথবা মহিলা টি২০ বিশ্বকাপ প্ৰতিযোগিতাই হওক সকলোতে উন্নত ফলাফল প্ৰদৰ্শণ কৰিছে । আৰু যদিহে আমি ২০২২ৰ এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাত জয়লাভ কৰিব পাৰো তেতিয়া উঠি অহা ভাৰতীয় যুৱতীসকলৰ বাবে এয়া এক অনুপ্ৰেৰণাৰ বাৰ্তা হৈ পৰিব । যিহেতু ৫০ অভাৰৰ খেলখন যিকোনো ক্ৰিকেটাৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ইয়াৰ বাবে মই আৰু মোৰ দল সদায় প্ৰস্তুত হৈ আছে ।”

ৱেলিংটনৰ বেছিন ৰিজাৰ্ভ আৰু খ্ৰীষ্টচাৰ্চৰ হাগলে অভেলত ছেমি-ফাইনেল অনুষ্ঠিত হোৱাৰ লগতে হাগলে অভেলত নিশাৰ ভাগত ৩ এপ্ৰিল ২০২২ত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব । ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ভাৰতে প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । বাকী তিনিখন দেশ ২০২১ৰ ২৬ জুনৰ পৰা ১০ জুলাইলৈ শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া কোৱালিফায়িং খেলৰ পৰা নিৰ্ধাৰণ কৰা হ'ব । আঠোটা দলেই ৰাউণ্ড-ৰবিন পদ্ধতিৰে ইটোৱে সিটোৰ লগত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱাৰ লগতে শীৰ্ষ চাৰিটা দলে ছেমি-ফাইনেললৈ স্থান নিশ্চিত কৰিব । প্ৰতিযোগিতা অনুষ্ঠিত হ'বলগীয়া ছটা স্থান হৈছে ক্ৰমে, আকলেণ্ড, টৌৰাংগা, হেমিলন্টন, ৱেলিংটন, খ্ৰীষ্টাচাৰ্চ আৰু দুনেদিন ।

এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাৰ ট্ৰফীৰ প্ৰাইজমানি হৈছে ৫.৫ মিলিয়ন নিউজিলেণ্ড ডলাৰ । ২০১৩ৰ তুলনাত ১০০০ গুণ আৰু ২০১৭ৰ তুলনাত এয়া ৬০ গুণ অধিক বুলি প্ৰকাশ কৰে আইচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া মানু চাহনেই ।

২০২২ত এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাৰ লগতে ইংলেণ্ডত অনুষ্টিত হ'ব কমনৱেলথ গেমছ ।

লগতে পঢ়কঃ প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details