অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ যোগ্যতা সম্পৰ্কত টীম ইণ্ডিয়া জ্ঞাত : বাংগাৰ - ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক

নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা ছেমি ফাইনেলৰ পূৰ্বে মেচ সম্পৰ্কত মন্তব্য আগবঢ়াইছে ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে ৷ নিউজিলেণ্ডৰ যোগ্যতা সম্পৰ্কত টীম ইণ্ডিয়া জ্ঞাত বুলি তেওঁ জানিবলৈ দিয়ে ৷

সঞ্জয় বাংগাৰ

By

Published : Jul 7, 2019, 4:05 PM IST

নিউজ ডেস্ক, 7 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ছেমি ফাইনেলত শক্তিশালী নিউজিলেণ্ডৰ মুখামুখি হ'ব টীম ইণ্ডিয়াই ৷ এই লৈ এতিয়া ক্ৰীড়া প্ৰেমীৰ মাজত উৎসাহ দুগুণে বৃদ্ধি পোৱাৰ সময়তে প্ৰতিপক্ষক লৈ মন্তব্য আগবঢ়াইছে ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে ৷ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বাংগাৰে মন্তব্য কৰে যে, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে কিছু মাহ পূৰ্বেই এখন ছিৰিজত অংশগ্ৰহণ কৰিছে ৷ সেয়েহে দলটোৰ ক্ষমতা আৰু যোগ্যতা সম্পৰ্কত ভাৰতীয় দল জ্ঞাত ৷

শ্ৰীলংকাৰ বিৰুদ্ধে মেচৰ পাছতে সংবাদ মাধ্যমৰ আগত ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙকো প্ৰশংসা কৰে প্ৰশিক্ষক গৰাকীয়ে ৷ ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা বাবে সকলো কৃতিত্বৰ অধিকাৰী ৰোহিত শৰ্মা বুলি বাংগাৰে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details