স্পৰ্টছ ডেস্ক, 20 জুনঃট্ৰেণ্ট ব্ৰিডজৰ নটিংহামত আজি বিশ্বকাপৰ 26 সংখ্যক মেচত মুখামুখি হৈছে বাংলাদেশ আৰু ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই গঢ়িলে বিশ্বকাপত নিজৰ দ্বিতীয়টো সৰ্বোচ্চ ৰানৰ অভিলেখ ৷ নিৰ্ধাৰিত 50 অভাৰত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে 381 ৰান ৷
ৱাৰ্ণাৰৰ শতক, 382 ৰানৰ লক্ষ্য বাংলাদেশক - AUSTRALIA
নটিংহামত অষ্ট্ৰেলিয়াৰ বিশ্বকাপত দ্বিতীয়টো সৰ্বোচ্চ ৰান ৷ বাংলাদেশৰ বিৰুদ্ধে কৰিলে 5 উইকেটৰ বিনিময়ত 381 ৰান ৷
ৱাৰ্ণাৰৰ শতক, 382 ৰানৰ লক্ষ্য বাংলাদেশক
অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে 16 তম শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৱাৰ্ণাৰে 166, এৰণ ফিন্সে 53, উছমান খুৱাজাই 72, গ্লেন মেক্সৱেলে 10 টা বলত 32 ৰান কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশৰ হৈ 8 অভাৰত 58 ৰান দি সৰ্বাধিক 3 টা উইকেট দখল কৰে ছমিয়া সৰকাৰে ৷ বাংলাদেশক এতিয়া জয়ৰ বাবে প্ৰয়োজন 383 ৰান ৷ লক্ষ্যণীয় যে, এই বিশাল লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’লেই বাংলাদেশ দলটোৰ বাবে এইয়া হ’ব এক অভিলেখ ৷
Last Updated : Jun 21, 2019, 7:47 AM IST