অসম

assam

ETV Bharat / sports

ব্যতিক্ৰমী হ'ব এইবাৰৰ বিশ্বকাপ: "ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ উদযাপন" হোৱাৰ দিশত বিশ্বকাপ, ২০১৯ - ১২ সংখ্যক বিশ্বকাপ ক্ৰিকেট

বিশ্বকাপ ক্ৰিকেট, ২০১৯ক ব্যতিক্ৰমী ৰূপত প্ৰকাশ কৰাৰ তথা ব্যক্ত কৰিছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ ৰিচাৰ্ডশ্বনে । ১২সংখ্যক বিশ্বকাপ ক্ৰিকেটক সৰ্বকালৰ শ্ৰেষ্ঠ উদযাপন হিচাপে পৰিগণিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল ।

ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ উদযাপন" হোৱাৰ দিশত বিশ্বকাপ, ২০১৯ : ডেভিদ ৰিচাৰ্ডশ্বন

By

Published : May 27, 2019, 9:08 PM IST

নিউজ ডেস্ক,২৭ মে': সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ ৰিচাৰ্ডশ্বনে মন্তব্য কৰে যে, তেওঁ ১২ সংখ্যক বিশ্বকাপ ক্ৰিকেটক সৰ্বকালৰ শ্ৰেষ্ঠ উদযাপন হিচাপে পৰিগণিত কৰিব বিচাৰে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিচাৰ্ডশ্বনে তেওঁৰ এই হেঁপাহৰ কথা ব্যক্ত কৰি কয় যে, তেওঁলোকৰ লক্ষ্য হৈছে এই টুৰ্ণামেন্টক ক্ৰিকেট বিশ্বৰ সবাতোকৈ আকৰ্ষণীয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ উদযাপন হিচাপে পৰিগণিত কৰোৱাটো।

বিশ্বকাপ ক্ৰিকেট, ২০১৯

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপ ক্ৰিকেটে সৰ্বকালৰ অভিলেখ ভংগ কৰি সকলোতকৈ বেছি দৰ্শকক আকৰ্ষিত কৰিব বুলি অনুমান কৰা হৈছে । টুৰ্ণামেন্টত পুৰণি অনুৰাগীসকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন পৰিকল্পনা লোৱাৰ লগতে নতুন অনুৰাগী তথা নৱ প্ৰজন্মৰ বাবেও মনোৰঞ্জনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰিচাৰ্ডশ্বনে। মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি এই বৰ্ষৰ টুৰ্ণামেন্টে নৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাবৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব।

ABOUT THE AUTHOR

...view details