নিউজ ডেস্ক, 1 জুলাই : বিশ্বকাপৰ অভিযান আধাতে সামৰি ভাৰতলৈ উৰা মাৰিব টীম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ বিজয় শংকৰ ৷ ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ'ল খেলুৱৈ গৰাকী ৷ বিচিচিআইৰ এক সূত্ৰ অনুসৰি, তেওঁক আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ প্ৰায় 3 সপ্তাহ সময়ৰ প্ৰয়োজন ৷ সেয়েহে, বিজয়ৰ সলনি মায়ংক আগৰৱালক দলত অন্তৰ্ভূক্ত কৰিবলৈ আইচিচিক অনু্ৰোধ জনাইছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷
বিশ্বকাপৰ পৰা বাহিৰ বিজয় শংকৰ - বিচিচিআই
বিশ্বকাপৰ পৰা বাহিৰ অল ৰাউণ্ডাৰ ৷ বিজয়ৰ সলনি মায়ংক আগৰৱালক দলত অন্তৰ্ভূক্ত কৰিবলৈ আইচিচিক অনু্ৰোধ জনাইছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷
বিশ্বকাপৰ পৰা বাহিৰ বিজয় শংকৰ
উল্লেখ্য যে, বিজয় শংকৰে আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনকৈ মেচত অংশগ্ৰহণ কৰিছিল যদিও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল ৷ দুইখন মেচতে 29 আৰু 14 ৰাণৰ ইনিংছ খেলিছিল বিজয় শংকৰে ৷ দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত 11 জনীয়া দলত স্থান লাভ কৰা নাছিল খেলুৱৈ গৰাকীয়ে ৷