স্পৰ্টছ ডেস্ক,১৪ মাৰ্চ:২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বিজয় হাজাৰে ট্ৰফীৰ দেওবাৰে মুম্বাই আৰু উত্তৰ প্ৰদেশৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয় । কিন্তু এই খেলৰ মাজতে মুম্বাই দলৰ অধিনায়ক পৃথ্বি শ্ব' আঘাতপ্ৰাপ্ত হয় । চলিত ট্ৰফীত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ গৰাকীয়ে ভৰিত আঘাত পোৱাৰ পিছত খেলপথাৰৰ পৰা ততালিকে লৈ যোৱা হয় ।
উত্তৰপ্ৰদেশৰ অ'পেনাৰ মাধৱ কৌশিকে মুম্বাইৰ লেগ স্পিনাৰ প্ৰশান্ত সোলাঙ্কীৰ এটা বলত শ্বট মাৰিছিল আৰু সেই বলটোৱে আঘাত কৰিছিল পৃথ্বি শ্ব'ক । প্ৰথম ইনিংছৰ ২৪ অ'ভাৰ চলি থকা সময়তে এই ঘটনা সংঘটিত হয় যিটো সময়ত প্ৰথম শ্লিপত ফিল্ডিং কৰি আছিল পৃথ্বি শ্ব' । আঘাত পোৱাৰ পিছতে প্ৰচণ্ড বিষত মাটিত বাগৰি যোৱা দেখা গৈছিল খেলুৱৈগৰাকীক ।