স্পৰ্টছ ডেস্ক, ১২ জুলাই : যোৱা কিছু সময়ৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ বেটছমেন হিচাপে অধিষ্ঠিত হৈ আহিছে । ৩০ বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীৰ দখলত আছে এদিনীয়া ক্ৰিকেটৰ ১১,০০০ তকৈও অধিক ৰাণ আৰু ৪১ টাকৈ শতক ।
কিন্তু, এদিনীয়াৰ নক আউট পৰ্যায়লৈ লক্ষ্য কৰিলে দলৰ বাবে তেওঁৰ ভূমিকা লক্ষ্যণীয় নহয় ।
* বৰ্তমানলৈকে কোহলীয়ে নক আউট পৰ্যায়ৰ ১৪ টা ইনিংছত গড় হিচাপে কেৱল ৩১.৩৬ হে সংগ্ৰহ কৰিছে ।
* উল্লেখযোগ্য যে, বিশ্বৰ শীৰ্ষ দল সমূহৰ বিৰুদ্ধে নক আউট পৰ্যায়ত অংশগ্ৰহণ কৰিলে কোহলীৰ গড় ৰাণ হ্ৰাস পায় । শীৰ্ষ দলসমূহৰ বিৰুদ্ধে গড়ে কেৱল ২৯.১৬ হে কৰিবলৈ সক্ষম হৈছে তেওঁ ।
* এই ১৪ টা ইনিংছৰ ২ টা ইনিংছতহে তেওঁ ৫০+ ৰাণ কৰিবলৈ সক্ষম হৈছে ।
* তেওঁৰ ষ্ট্ৰাইক ৰেটতো সেই একে ছবি দেখিবলৈ পোৱা যায় । অন্য এদিনীয়াত যেনেকৈ তেওঁৰ ষ্ট্ৰাইক ৰেট ৯১.০ হয় কিন্তু নক আউট পৰ্যায়ত তেওঁৰ ষ্ট্ৰাইক ৰেট ৮৩.১৩ লৈ হ্ৰাস পায় ।
ইয়াৰোপৰি, নক আউট পৰ্যায়ৰ ৬ খনকৈ মেচত তেওঁ কেৱল ৭৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে গড় হিচাপে ১২.১৬ আৰু ষ্ট্ৰাইক ৰেট ৫৬.১৫ হে সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বাধিক ৰাণ হৈছে ৩৫ ।
বিশ্বকাপৰ নক আউটত বিৰাট কোহলী -