অসম

assam

ETV Bharat / sports

ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা: ইতিহাস সৃষ্টি তাহিৰৰ - প্ৰথম জন স্পীনাৰ

বিশ্বকাপ ক্ৰিকেট,2019ৰ প্ৰথম দিনাই অভিলেখৰ অধিকাৰী হৈছে ইমৰাণ তাহিৰ ৷ বৃহস্পতিবাৰৰ মেচত প্ৰথমটো অ'ভাৰতে স্পীনাৰ হিচাপে বলিং কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ৷

ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা : ইতিহাস সৃষ্টি তাহিৰৰ

By

Published : May 30, 2019, 10:04 PM IST

নিউজ ডেস্ক,30 মে': আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচতে ইতিহাস সৃষ্টি কৰিলে দক্ষিণ আফ্ৰিকাৰ লেগ স্পীনাৰ ইমৰাণ তাহিৰে ৷ বৃহস্পতিবাৰে অ'ভেল গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনৰ প্ৰথমটো অ'ভাৰতে স্পীনাৰ তাহিৰে বলিং কৰাৰ লগে লগে বিশ্বকাপৰ প্ৰথমখন মেচৰ প্ৰথমটো অ'ভাৰতে স্পীনাৰ হিচাপে বলিং কৰা প্ৰথম জন খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ৷ ইয়াৰ পাছতে দ্বিতীয় বলতে স্পীনাৰ গৰাকীয়ে ইংলেণ্ডৰ অ'পেনাৰ জন বেয়াৰষ্ট'ৰ উইকেট দখল কৰে ৷

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল
দলৰ হৈ তাহিৰে 10 অ'ভাৰত 61 ৰাণ খৰচ কৰি 2 টা উইকেট দখল কৰে ৷ উল্লেখ্য যে, 40 বৰ্ষীয় তাহিৰ এইবাৰ বিশ্বকাপৰ বৰ্ষীয়ান ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম ৷
বিশ্বকাপ ক্ৰিকেট, 2019

ABOUT THE AUTHOR

...view details