নিউজ ডেস্ক, ৭ জুন : ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সম্পৰ্কত এইবাৰ সমৰ্থন আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য সুৰেশ ৰাইনাই । টুইটাৰৰ জৰিয়তে সতীৰ্থ গৰাকীলৈ সমৰ্থন জনাই ৰাইনাই কয় যে, খেলপথাৰত নমাৰ সময়ত তেওঁলোক খেলুৱৈসকলে নিজকে দেশৰ নামত উছৰ্গা কৰাৰ লগতে দেশক গৌৰৱাম্বিত কৰিবলৈ সৰ্বস্ব বলিদান কৰে । সকলোৱে যিদৰে নিজৰ দেশক ভালপাই সেইদৰে ধোনীয়েও ভাৰতীয় বীৰসকলৰ ত্যাগ আৰু বলিদানক সন্মানাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিছিল । তেওঁৰ এই কাৰ্যক জাতীয়তাবাদৰ সৈতে তুলনা কৰাৰ পৰিৱৰ্তে দেশপ্ৰেমৰ সৈতে তুলনা কৰা উচিত বুলি ৰাইনাই দাবী কৰে ।
এইবাৰ ধোনীৰ সমৰ্থনত নামিল ৰাইনা - গ্ল'ভছ বিবাদ
গ্ল'ভছ বিবাদত সাঙুৰ খাই পৰা এম. এছ. ধোনীক এইবাৰ সমৰ্থন আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য সুৰেশ ৰাইনাই । উল্লেখ্য যে, পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল'ভছ পৰিধান কৰাৰ বাবে ধোনী আইচিচিৰ ৰোষত পৰিছিল ।
এইবাৰ ধোনীৰ সমৰ্থনত নামিল ৰাইনা
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন বিশ্বকাপৰ মেচত ভাৰতীয় উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীয়ে পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল'ভছ পৰিধান কৰিছিল । ইয়াৰ পাছতে খৰ্গহস্ত হৈ পৰিছিল আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচি ।