নিউজ ডেস্ক : ক্ৰিকেট প্ৰেমী সকললৈ এক দুঃখবৰ ৷ ক্ৰিকেটৰ আটাইকেইটা ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকাৰ অন্যতম বেগী বলাৰ ডেল ষ্টেইনে ৷ মঙলবাৰে টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে ক্ৰিকেটাৰ গৰাকীয়ে ৷ 2019 চনতে ক্ৰিকেটাৰ গৰাকীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল যদিও এদিনীয়া আৰু টি-20 ফৰমেটৰ মেচ সমূহ খেলি আছিল ৷ কিন্তু অৱশেষত মঙলবাৰে অগণন অনুৰাগীক হতাশ কৰি ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা বিদায় ল’লে ক্ৰিকেটাৰ গৰাকীয়ে ৷
অৱসৰ ঘোষণা কৰা টুইটটোত ক্ৰিকেটাৰ গৰাকীয়ে উল্লেখ কৰে যে,‘‘আজি মই আনুষ্ঠানিকভাৱে মোৰ আটাইতকৈ প্ৰিয় ক্ৰীড়াবিধৰ পৰা অৱসৰ লৈছোঁ ৷ এই শুভ ক্ষণত মোৰ পৰিয়ালৰ পৰা সতীৰ্থ, সাংবাদিকৰ পৰা অনুৰাগীলৈকে সকলোকে ধন্যবাদ জনাইছোঁ ৷ এইয়া মোৰ বাবে এক অবিশ্বাস্য যাত্ৰা আছিল ৷ 20 বছৰ ধৰি চলা প্ৰশিক্ষণ, খেল, ভ্ৰমণ, জয়, পৰাজয় আনন্দ আৰু ভাতৃত্ববোধবোৰ সদায় স্মৃতি হৈ থাকিব ৷ এইসময়ত ধন্যবাদ জনোৱাৰ বাবে বহুতো মুখ মনলৈ আহিছে’’ ৷