নিউজ ডেস্ক, ৫ জুন : বুধবাৰে বিশ্বকাপৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দল । ছাউথহেম্পটনৰ ৰ'জ বল ক্ৰিকেট ষ্টেডিয়ামত দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ'ব লগা মেচখনত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকা দলে ।
টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ - ছাউথহেম্পটনৰ ৰ'জ বল ক্ৰিকেট ষ্টেডিয়াম
ছাউথহেম্পটনৰ ৰ'জ বল ক্ৰিকেট ষ্টেডিয়ামত দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ'ব লগা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকা দলে ।
ভাৰত বনাম দক্ষিণ আফ্ৰিকা
উল্লেখ্য যে, বিশ্বকাপৰ প্ৰথম দুইখন মেচতে পৰাজয়ৰ সন্মুখীন হোৱা দক্ষিণ আফ্ৰিকা দলে ভাৰতৰ বিৰুদ্ধে জয়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিব । কিন্তু দলৰ মূখ্য বলাৰ ডেল ষ্টেইনে আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ'ব লগা হোৱাত চিন্তিত হৈ পৰিছে দলটো । ইয়াৰ উপৰি দক্ষিণ আফ্ৰিকাক তীব্ৰ প্ৰত্যাহ্বান দিয়াৰ লক্ষ্যৰে নামিব ভাৰতীয় দল ।