স্পৰ্টছ ডেস্ক,20 জুনঃ ইংলেণ্ডত চলি থকা 2019 ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ হ’ল ভাৰতীয় অ’পেনাৰ বেটছমেন শিখৰ ধাৱন ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচত পেট কামিংছৰ বলত আঙুলিত আঘাতৰ সন্মুখীন হৈছিল ধাৱন ৷ আঘাতৰ পোৱাৰ পিচতো মেচখনত শতক অৰ্জন কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ধাৱনে ৷ কিন্তু বৰ্তমান বিশ্বকাপৰ পৰা বাহিৰ হ’ল শিখৰ ধাৱন ৷
বিশ্বকাপৰ পৰা ধাৱন বাহিৰ হোৱাটো আশ্চৰ্যকৰ নহয়ঃ সৌৰভ গাংগুলী - ICC WORLD CUP
আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱা শিখৰ ধাৱনকলৈ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ মন্তব্য
বিশ্বকাপৰ পৰা ধাৱন বাহিৰ হোৱাটো আশ্চৰ্যকৰ নহয়ঃ সৌৰভ গাংগুলী
এই সন্দৰ্ভত গাংগুলীয়ে ক’লে ধাৱন টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱাটো আশ্চৰ্যকৰ নহয় ৷ কাৰণ তেওঁৰ আঘাত গম্ভীৰ আৰু তেওঁক সুস্থ হৈ উঠিবলৈ সময় লাগিব ৷ ধাৱন বাহিৰ হোৱাটো ভাৰতীয় দলটোৰ বাবে যদিও এক বৃহৎ ক্ষতি কিন্তু পাকিস্তানৰ বিৰুদ্ধে জয় লাভে ভাৰতীয় দলটো বৰ্তমানোও বিৰোধীক তচনচ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, শিখৰ ধাৱনৰ স্থানত ভাৰতীয় 15 জনীয়া দলত ঋষভ পন্তক অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইপিনে ভূৱনেশ্বৰ কুমাৰো ভৰিত মাংসপেশীৰ অসুবিধাৰ সন্মুখীন হৈ তিনিখন মেচৰ পৰা বাহিৰ হৈছে ৷
Last Updated : Jun 20, 2019, 5:49 PM IST