নিউজ ডেস্ক, 23 জুন : মহম্মদ ছামীয়ে হেট্ৰিক অৰ্জন কৰাৰ পাছতে দেওবাৰে খেলুৱৈ গৰাকীৰ বাসস্থান অমৰোহাত পৰিয়ালৰ লোকসকল আনন্দত আত্মহাৰা হৈ পৰে ৷ ছামীৰ কনিষ্ঠ ভাতৃ মহম্মদ কাইফে মন্তব্য কৰে যে, জ্যেষ্ঠ ভাতৃয়ে হেট্ৰিক অৰ্জন কৰাৰ বাবে যথেষ্ট সুখী ৷ লগতে তেওঁ জনাই যে, সমগ্ৰ গাঁওবাসী ছামীৰ এই কৃতিত্বৰ বাবে আনন্দিত হোৱাৰ লগতে টীম ইণ্ডিয়াই বিশ্বকাপৰ ট্ৰফী বুটলিবলৈ সক্ষম হ'ব ৷
হেট্ৰিকৰ পাছতে আনন্দত আত্মহাৰা ছামীৰ পৰিয়াল - হেট্ৰিক অৰ্জন
বিশ্বকাপত হেট্ৰিক অৰ্জনৰ পাছতে আনন্দত আত্মহাৰা হৈ পৰিছে মহম্মদ ছামীৰ পৰিয়াল ৷ পৰৱৰ্তী মেচত ছামীৰ আৰু উন্নত প্ৰদৰ্শন হোৱাৰ কামনা কৰে পৰিয়ালৰ লোকে ৷
মহম্মদ ছামী
আনহাতে, সম্পৰ্কীয় ভাতৃ মহম্মদ জাইদৰ মতে, সমগ্ৰ গাঁওবাসীয়ে তেওঁৰ এই প্ৰদৰ্শন উদযাপন কৰাৰ লগতে বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন এনেদৰেই অব্যাহত থকাৰ কামনা কৰে ৷ ছামীৰ আন এজন ভাতৃ মহম্মদ অনছে মন্তব্য কৰে যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও তেওঁৰ ভাতৃয়ে ভাল প্ৰদৰ্শন কৰিব আৰু ভাৰতে জয়ী হবলৈ সক্ষম হ'ব ৷
উল্লেখ্য যে, আফগানিস্তানৰ বিৰুদ্ধে মহম্মদ ছামীয়ে 40 ৰাণ খৰচ কৰি 4 টাকৈ উইকেট দখল কৰাৰ লগতে বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা দ্বিতীয় গৰাকী ভাৰতীয় হোৱাৰ কৃতিত্ব অৰ্জন কৰে ৷