স্পৰ্টছ ডেস্ক,১২ জুলাই : বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হ'লেও সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ তালিকাত শীৰ্ষতেই আছে টীম ইণ্ডিয়াৰ অ'পেনাৰ ৰোহিত শৰ্মা। ৩২ বৰ্ষীয় খেলুৱৈ গৰাকীয়ে বিশ্বকাপ,২০১৯ত অভিলেখ সংখ্যক পাঁচটাকৈ শতকৰ জৰিয়তে ৬৪৮ ৰাণ সংগ্ৰহ কৰিছিল। ৰোহিত শৰ্মাৰ পাছতে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে ডেভিদ ৱাৰ্ণাৰ (৬৪৭),তৃতীয় স্থানত ছাকিব অল হাছান(৬০৬), চতুৰ্থ স্থানত জ' ৰোট (৫৪৯) আৰু পঞ্চম স্থানত কেন উইলিয়ামছন (৫৪৮) ।
ভাৰতৰ প্ৰস্থানৰ পাছতো শীৰ্ষত ৰোহিত - ভাৰতৰ প্ৰস্থান
বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছতো সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ তালিকাত শীৰ্ষত আছে ৰোহিত শৰ্মা। পাঁচটাকৈ শতকৰ জৰিয়তে ৬৪৮ ৰাণ সংগ্ৰহ কৰিছে ৰোহিতে ।
ৰোহিত শৰ্মা
যিহেতু ভাৰত,অষ্ট্ৰেলিয়া আৰু বাংলাদেশ বিশ্বকাপৰ পৰা বাহিৰ হৈছে সেয়েহে ৰোহিত,ৱাৰ্ণাৰ আৰু ছাকিবৰ ৰাণত একো পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়। ইয়াৰোপৰি,ৰোট আৰু উইলিয়ামছনে বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব। ফাইনেলত ৰোটে ১০০ ৰাণ আৰু উইলিয়ামছনে ১০১ ৰাণ সংগ্ৰহ কৰিলে ৰোহিতৰ স্থান দখল কৰিব।