নিউজ ডেস্ক,1 জুলাই : বিশ্বকাপ ক্ৰিকেটৰ দেওবাৰে অনুষ্ঠিত মেচত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাই ৷ এই শতকৰ জৰিয়তে বিশ্বকাপ,2019 ত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথম গৰাকী বেটছমেন হিচাপে পৰিচিত হয় ৰোহিত শৰ্মা ৷
বিশ্বকাপ, 2019 ত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথম খেলুৱৈ ৰোহিত - প্ৰথম খেলুৱৈ
বিশ্বকাপ ক্ৰিকেট, 2019 ত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ভাৰতৰ অ'পেনাৰ ৰোহিত শৰ্মা ৷

ৰোহিত শৰ্মা
উল্লেখ্য যে,ইংলেণ্ডৰ বিৰুদ্ধে ৰোহিত শৰ্মাই 102 ৰাণৰ এক সুন্দৰ ইনিংছ খেলি 37 সংখ্যক অ'ভাৰত উইকেট হেৰুৱায় ৷ 32 বৰ্ষীয় বেটছমেন গৰাকীয়ে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল ৷
Last Updated : Jul 1, 2019, 7:38 PM IST