অসম

assam

ETV Bharat / sports

কোহলিক অনুকৰণ কৰে পাকিস্তানী ক্ৰিকেটাৰে - পাকিস্তান

বিশ্বকাপৰ মাজতেই বিৰাট কোহলিৰ অনুৰাগীৰ বাবে সুখবৰ ৷ কেৱল দেশৰ যুৱ খেলুৱৈয়ে নহয় চিৰ বৈৰী পাকিস্তানৰ খেলুৱৈৰো ইচ্ছা বিৰাটৰ দৰে প্ৰদৰ্শন কৰাৰ ৷ এই কথা সদৰী কৰিলে পাকিস্তান দলৰ প্ৰাক্তন খেলুৱৈ য়ুনিছ খানে ৷

কোহলিৰ দৰে প্ৰদৰ্শন কৰা ইচ্ছা পাকিস্তানী খেলুৱৈৰ

By

Published : Jun 3, 2019, 7:34 PM IST

স্পৰ্টছ ডেস্ক, 3 জুন: কেৱল ভাৰততে নহয়, পাকিস্তানতো প্ৰিয় বিৰাট ৷ বিৰাট দৰে হোৱাৰ ইচ্ছা বহু পাকিস্তানী খেলুৱৈৰ ৷ এই কথা এক অনুষ্ঠানত ব্যক্ত কৰিলে পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ য়ুনিছ খানে ৷ য়ুনিছ খানৰ মতে, পাকিস্তানত বহু খেলুৱৈ আছে যিয়ে বিৰাটৰ দৰে শাৰীৰিক ভংগিমা দিয়াৰ চেষ্টা কৰে ৷

কোহলিৰ দৰে প্ৰদৰ্শন কৰা ইচ্ছা পাকিস্তানী খেলুৱৈৰ

এছিয়া কাপত যেতিয়া বিৰাট কোহলি অনুপস্থিত আছিল ষ্টেডিয়ামত দেখা পোৱা গৈছিল দৰ্শকৰ শূণ্যতা ৷ বিৰাট কোহলি ভাৰতীয় দলৰ এক প্ৰমুখ অস্ত্ৰ বুলি কয় প্ৰাক্তন পাকিস্তানী খেলুৱৈগৰাকীয়ে ৷

কোহলিৰ দৰে প্ৰদৰ্শন কৰা ইচ্ছা পাকিস্তানী খেলুৱৈৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিৰাট কোহলিয়ে দুয়োটা দলৰ মাজত প্ৰতিদ্বন্দিতা হোৱাক লৈ মন্তব্য কৰিছিল ৷ বিৰাটে কৈছিল ভাৰত-পাকিস্তানৰ মেচ সদায়ে ৰোমাঞ্চকৰ হয় ৷ ইয়াৰ অনুভৱ ব্যক্ত কৰা কঠিন ৷ এনেধৰণৰ উত্তেজনা পূৰ্বক মেচকলৈ আমি সদায়ে উৎসাহিত হৈ থাকো ৷ তেওঁ লগতে কয় পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হোৱাটো অন্য মেচৰ দৰেই ৷ আমাৰ এটাই লক্ষ্য বিজয়ী হোৱা ৷ অৱশ্যে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ষ্টেডিয়ামত অত্যাধিক মানসিক হেঁচাৰ সন্মুখীন হ’বলগীয়া হয় বুলি উল্লেখ কৰিছিল বিৰাটে ৷

লগতে চাওকঃ 5 জুনৰ পূৰ্ব ভাৰতলৈ সুখবৰ

ABOUT THE AUTHOR

...view details