নিউজ ডেস্ক, ৫ জুলাই : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচা পানী পৰিল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ । শুকুৰবাৰে বাংলাদেশৰ বিৰুদ্ধে ল'ৰ্ডছত অনুষ্ঠিত মেচত ৩১৫ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰাৰ পাছতো বিশ্বকাপৰ দৌৰৰ পৰা বাহিৰ হ'ল দলটো । পইন্ট তালিকাৰ পৰা নিউজিলেণ্ডক আঁতৰাই চতুৰ্থ স্থান দখল কৰি নক্ আউটত প্ৰৱেশ কৰিবৰ বাবে বাংলাদেশক ৭ অথবা তাতোকৈ কম ৰাণত সীমাবদ্ধ কৰিব লাগিছিল পাকিস্তানে । কিন্তু এই পৰ্যন্ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই থকা বাংলাদেশ দলে বৰ্তমানলৈকে ৩৩ অ'ভাৰত ৫ টাকৈ উইকেট হেৰুৱাই ১৬১ ৰাণ সংগ্ৰহ কৰিছে ।
স্বপ্নভংগ ছৰফৰাজ বাহিনীৰ ! - পাকিস্তান বনাম বাংলাদেশ
স্বপ্নভংগ হৈছে ছৰফৰাজ বাহিনীৰ । বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচা পানী পৰিল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ।
ছেমি ফাইনেলৰ পৰা বাহিৰ পাকিস্তান
উল্লেখ্য যে, অষ্ট্ৰেলিয়া, ভাৰত আৰু ইংলেণ্ড এই তিনিওটা দলে বৰ্তমানলৈকে বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে । অষ্ট্ৰেলিয়াই ১৪ পইন্টেৰে শীৰ্ষ স্থান দখল কৰাৰ পৰিৱৰ্তে ভাৰতে ১৩ পইন্টেৰে দ্বিতীয় স্থানত আছে । ইয়াৰোপৰি, ১২ পইন্ট সংগ্ৰহেৰে তৃতীয় স্থানত আছে আয়োজক ইংলেণ্ড দল ।