নিউজ ডেস্ক,১ জুন : নিউজিলেণ্ডৰ বিৰুদ্ধে শনিবাৰে কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন যুঁজত নামিব এছিয়া মহাদেশৰ অন্যতম দল শ্ৰীলংকা। ২০১৫ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ খিতাপ দখল কৰিব নোৱাৰা নিউজিলেণ্ড দলে এইবাৰ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব। বেটিং আৰু বলিং দুয়োটা দিশতে শক্তিশালী কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দল।
দৃঢ়বিশ্বাসী নিউজিলেণ্ডৰ মুখামুখি শ্ৰীলংকা - ETV ASSAM
বেটিং আৰু বলিং দুয়োটা দিশতে শক্তিশালী কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দলৰ বিৰুদ্ধে শনিবাৰে বিশ্বকাপৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব শ্ৰীলংকা দল ।
নিউজিলেণ্ড বনাম শ্ৰীলংকা
আনহাতে,বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণকাৰী ১০ টা দলৰ ভিতৰতে শ্ৰীলংকাৰ শেহতীয়া প্ৰদৰ্শন হতাশজনক। আইচিচিৰ শেহতীয়া ৯ মাহৰ আটাইকেইখন মেচৰ কেৱল ২ খনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছে দলটো। তাৰোপৰি,কাৰ্ডিফৰ খেলপথাৰো নিউজিলেণ্ডৰ পক্ষত থাকিব পাৰে বুলি অনুমান কৰা হৈছে।