অসম

assam

ETV Bharat / sports

ধোনী এটা নাম যি ভাৰতীয় ক্ৰিকেটৰ ৰেহৰূপ সলনি কৰিছে : আইচিচি

ভাৰতীয় উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীৰ জন্মদিনলৈ এটা দিন বাকী থকাৰ সময়তে খেলুৱৈ গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আইচিচি ৷ ধোনীয়ে ভাৰতীৰ ক্ৰিকেটৰ ৰূপ সম্পূৰ্ণ সলনি কৰি দিয়া বুলি টুইটাৰৰ জৰিয়তে মন্তব্য কৰে আইচিচি কৰ্তৃপক্ষই ৷

এম. এছ. ধোনী

By

Published : Jul 6, 2019, 5:29 PM IST

নিউজ ডেস্ক, 6 জুলাই : ভাৰতীয় উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীয়ে জুলাইৰ 7 তাৰিখে পালন কৰিব 38 সংখ্যক জন্মদিন ৷ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে শনিবাৰে খেলুৱৈ গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে মন্তব্য কৰে যে, ভাৰতীয় ক্ৰিকেটৰ নতুন দিগন্তৰ সূচনা কৰা খেলুৱৈ গৰাকী হৈছে এম. এছ. ধোনী ৷

উল্লেখ্য যে, এদিনীয়া ক্ৰিকেট বিশ্বকাপ, টি 20 বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী জয় কৰা একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় অধিনায়ক হৈছে ধোনী ৷ তেওঁৰ অধিনায়কত্বতে টীম ইণ্ডিয়াই টেষ্ট আৰু এদিনীয়া ফৰমেটত বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছিল ৷ ইয়াৰোপৰি, তেওঁৰ নেতৃত্বতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই ছুপাৰ কিংছে তিনিবাৰকৈ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

আইচিচিয়ে টুইটৰ জৰিয়তে এক ভিডিঅ' শ্বেয়াৰ কৰি লিখে যে, ধোনী এটা নাম যি ভাৰতীয় ক্ৰিকেটক সলনি কৰি পেলাইছে, এটা নাম যি বিশ্বৰ কোটি কোটি লোকক অনুপ্ৰাণিত কৰি আহিছে আৰু এজন অনস্বীকাৰ্য কিংবদন্তি ৷

ABOUT THE AUTHOR

...view details