স্পৰ্টছ ডেস্ক, ৬ জুলাই :মহিলা ক্ৰিকেটত ভাৰতৰ মিথালী ৰাজৰ (Mithali Raj) চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে । ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলা শেষ হোৱাৰ পিছতে পুনৰ আইচিচিৰ মহিলা এদিনীয়া খেলুৱৈ তালিকাৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হ'ল মিথালী ৰাজ । ইয়াৰ লগে লগে ২২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্টমবাৰৰ বাবে আইচিচি (ICC) মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হোৱা খেলুৱৈ হিচাপে নিজৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰিলে মিথালী ৰাজে ।
৩৮ বছৰীয়া খেলুৱৈ গৰাকীয়ে ইলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৭৫ ৰাণৰ সৈতে শৃংখলাৰ অন্তিমখন খেলত ভাৰতক চাৰি উইকেটত বিজয় সাব্যস্ত কৰায় ৷ লগে লগে ৰেংকিঙৰ ৪ নম্বৰ স্থানৰ পৰা শীৰ্ষ স্থানলৈ যাবলৈ সক্ষম হয় খেলুৱৈ গৰাকী । মিথালী ৰাজে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ কৰাৰ সময়ত তালিকাৰ অষ্টম স্থানত আছিল । কিন্তু তেওঁ এই শৃংখলাত মুঠ ২০৬ ৰাণেৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে চিহ্ণিত হোৱাৰ লগতে মহিলা এদিনীয়া খেলুৱৈৰ তালিকাৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হয় । তেওঁ শেষবাৰৰ বাবে ২০১৮ চনৰ ফেব্ৰুৱাৰীত শীৰ্ষ স্থান দখল কৰিছিল ।
২০০৫ চনৰ এপ্ৰিল মাহত পটচেফষ্ট্ৰুমত অনুষ্ঠিত আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৯১ ৰাণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ এক নম্বৰ স্থানত উপনীত হৈছিল ।
ইংলেণ্ডৰ জেনেট ব্ৰিটিন (Janette Brittin) ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে আৰু ১৯৯৫ চনত অন্তিমবাৰৰ বাবে শীৰ্ষ স্থানত আছিল ৷ নিউজিলেণ্ডৰ ডেবি হকলী (Debbie Hockley) হৈছে একমাত্ৰ মহিলা বেটচমেন যি ১০ বছৰলৈকে একেৰাহে সৰ্বাধিক বাৰ শীৰ্ষ স্থানত আছিল । প্ৰথমে ১৯৮৭ চনত আৰু ১৯৯৭ চনত অন্তিমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল ডেবি হকলীয়ে ।