স্পৰ্টছ ডেস্ক, 2 জুলাই : বিশ্বকাপৰ 40 সংখ্যক মেচত মঙলবাৰে মুখামুখি হ'ব এছিয়াৰ দুই শক্তিশালী দল ভাৰত আৰু বাংলাদেশ ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাৰ পৰা বাৰ্মিংহামৰ এজবেষ্টনত আৰম্ভ হ'ব গুৰুত্বপূৰ্ণ মেচ খন ৷ চলিত বিশ্বকাপত ভাৰতে 11 পইন্টৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে 7 পইন্টৰে তালিকাৰ সপ্তম স্থান দখল কৰিছে বাংলাদেশে ৷
ভাৰত বনাম বাংলাদেশ যুঁজৰ মুখ্য খেলুৱৈসকল - এজবেষ্টন
মঙলবাৰে ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব বাংলাদেশ ৷ দুয়ো দলে জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব ৷
মঙলবাৰৰ মেচত জয়েৰে ভাৰতীয় দলে ছেমি ফাইনেলত প্ৰৱেশৰ পূৰ্ণ চেষ্টা অব্যাহত ৰাখিব ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ভাৰতে পৰাজয়ৰ সন্মুখীন হৈছিল ৷ ভাৰতৰ হৈ মেচ খনত মুখ্য ভূমিকা ল'বলগীয়া খেলুৱৈ সকল হ'ল অ'পেনাৰ ৰোহিত শৰ্মা,অধিনায়ক বিৰাট কোহলী,বেগী বলাৰ জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী ৷
ইয়াৰোপৰি,বাংলাদেশেও এই মেচত জয়েৰে ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰখাৰ পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিব ৷ বাংলাদেশৰ হৈ ছৌম্য সৰকাৰ, অল ৰাউণ্ডাৰ ছাকিব অল হাছানে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷