স্পৰ্টছ ডেস্ক,9 জুলাই : মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত মঙলবাৰে ভাৰত বনাম নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেট, 2019ৰ প্ৰথমখন ছেমি ফাইনেল ৷ উল্লেখ্য যে, ভাৰতীয় দলে দুবাৰকৈ অৰ্থাৎ 1983 আৰু 2011 চনত বিশ্বকাপ জয় দখল কৰিছে যদিও নিউজিলেণ্ড দলে বৰ্তমানলৈকে বিশ্বকাপ জয়ৰ সোৱাদ লাভ কৰা নাই ৷ ইয়াৰোপৰি, 'মেন ইন ব্লু'য়ে গ্ৰুপ ষ্টেজত 15 পইন্টেৰে শীৰ্ষ স্থান দখল কৰাৰ পৰিৱৰ্তে নিউজিলেণ্ডে 11 পইন্টেৰে চতুৰ্থ স্থান দখল কৰিছে ৷ ভাৰতীয় দলে গ্ৰুপ ষ্টেজত শেষৰ দুয়োখন মেচতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে ৷ ইয়াৰ পৰিৱৰ্তে কিৱি দলটোৱে শেষৰ দুয়োখন মেচতে পৰাজয়বৰণ কৰিছে ৷ কিন্তু দুয়োটা দলে মুখামুখি হোৱা বিশ্বকাপৰ ৱাৰ্মআপ মেচ খনত কিৱি দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷
প্ৰথমখন ছেমি ফাইনেল: মুখ্য খেলুৱৈসকল - ভাৰত বনাম নিউজিলেণ্ড
মঙলবাৰে 3 বজাৰ পৰা মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ'ব বিশ্বকাপ ক্ৰিকেট, 2019 ৰ প্ৰথম খন ছেমি ফাইনেল ৷
ভাৰত বনাম নিউজিলেণ্ড
হাই প্ৰফাইল ছেমি ফাইনেল খনত দুয়ো দলৰ খেলুৱৈ সকলে তুমূল যুঁজত লিপ্ত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ টীম ইণ্ডিয়াৰ হৈ বেগী বলাৰ জছপ্ৰীত বুমৰাহ,মহম্মদ ছামী,অ'পেনাৰ ৰোহিত শৰ্মা,অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰোপৰি, নিউজিলেণ্ড দলৰ হৈ অধিনায়ক কেন উইলিয়ামছন,ট্ৰেন্ট ব'ল্ট,মাৰ্টিন গুপটিলে ভাৰতক তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
উল্লেখ্য যে,মঙলবাৰৰ মেচত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷