নিউজ ডেস্ক,২৬ জুন : বিশ্বকাপ ক্ৰিকেটৰ ৩৩ সংখ্যক মেচত বুধবাৰে যুঁজত অৱতীৰ্ণ হ'ব অপৰাজিত হৈ ৰোৱা শক্তিশালী নিউজিলেণ্ড আৰু পাকিস্তান দল। ৱাৰ্মিংহামত অনুষ্ঠিত হ'ব লগা মেচত নিউজিলেণ্ডে ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। প্ৰতিযোগিতাত অপৰাজিত হৈ ৰোৱা কিৱি দলটোৱে ১১ পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে। বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন কৰা দলটোৰ হৈ ৰ'ছ টেইলৰ আৰু কেন উইলিয়ামছনে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই আহিছে। ইয়াৰোপৰি, লকী ফাৰ্গুছন আৰু ট্ৰেন্ট ব'ল্টৰ দৰে খেলুৱৈয়ে দলৰ জয়ত মুখ্য ভূমিকা লোৱাৰ সম্পূৰ্ণ ক্ষমতা আছে ।
নিউজিলেণ্ড বনাম পাকিস্তান: মুখ্য খেলুৱৈসকল - ETV BHARAT
বিশ্বকাপত বুধবাৰে নিউজিলেণ্ডৰ সন্মুখত পাকিস্তান। ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে নামিব নিউজিলেণ্ড
নিউজিলেণ্ড বনাম পাকিস্তান
আনহাতে,পাকিস্তানে কেৱল দুখন মেচতহে জয় সাব্যস্ত কৰাৰ লতে পাঁচ পইন্ট দখলেৰে তালিকাৰ সপ্তম স্থানত ৰৈছে। আগন্তুক তিনিখন মেচত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশৰ পূৰ্ণ প্ৰচেষ্টা চলাব পাকিস্তান দলে। পাকিস্তান দলৰ হৈ মুখ্য ভূমিকা গ্ৰহণ কৰিবলগা খেলুৱৈসকল হ'ল বাবৰ আজম,মহম্মদ আমিৰ,হৰিশ ছোহেইল আদি।