নিউজ ডেস্ক, 8 জুলাই : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজে দেওবাৰে পুৰুষৰ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷ ৰাজে মন্তব্য কৰা অনুসৰি, চলিত বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ পুৰুষ দলে ছেমি ফাইনেলত নিউজিলেণ্ডৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৷ মুম্বাইৰ এক অনুষ্ঠানত এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিথালীয়ে কয় যে, ভাৰতীয় দলত যিহেতু শ্ৰেষ্ঠ বেটছমেন আৰু বলাৰ আছে সেয়েহে ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰখা উচিত ৷ তাৰোপৰি, প্ৰতিপক্ষক কম ৰাণত সীমাবদ্ধ কৰিব পৰা যোগ্যতা ভাৰতীয় বলাৰৰ আছে বুলি মন্তব্য কৰে ৰাজে ৷
প্ৰতিপক্ষক কম ৰাণত সীমাবদ্ধ কৰিব ভাৰতীয় বলাৰে : মিথালী ৰাজ - IND VS NZ
ভাৰতীয় পুৰুষ ক্ৰিকেট দল সম্পৰ্কত মন্তব্য আগবঢ়াইছে মিথালী ৰাজে ৷ নিউজিলেণ্ডৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ভাৰতীয় বলাৰে কম ৰাণত প্ৰতিপক্ষক সীমাবদ্ধ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাজে ৷
মিথালী ৰাজ
উল্লেখ্য যে, 36 বৰ্ষীয় মিথালী ৰাজে 203 খনকৈ এদিনীয়া ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে 6720 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি, মিথালীয়ে বহু বছৰ ধৰি ভাৰতীয় দলক অধিনায়কৰ দায়িত্ব বহন কৰি আহিছে ৷