অসম

assam

ETV Bharat / sports

Sprint King ক ভাৰতীয় ক্ৰিকেট দলৰ শেষ শ্ৰদ্ধাঞ্জলি - India wear black armbands

ভাৰতীয় এথলেটিকছৰ সম্ৰাট খ্যাত মিলখা সিঙে (Milkha Singh) বিজুলী গতিৰ চমকৰ দ্বাৰা এক দশকতকৈও অধিক সময় ধৰি ট্ৰেক এণ্ড ফিল্ডত আধিপত্য বিস্তাৰ কৰা আটাইতকৈ বিখ্যাত ভাৰতীয় খেলুৱৈ হিচাপে নিজৰ চিনাকি দাঙি ধৰিছিল ৷

India wear black armbands to honour Milkha Singh
Sprint King ক ভাৰতীয় ক্ৰিকেট দলৰ শেষ শ্ৰদ্ধাঞ্জলি

By

Published : Jun 19, 2021, 9:54 PM IST

স্প’ৰ্টছ ডেস্ক, 19 জুন :স্প্ৰিণ্ট ৰজা (Sprint King) মিলখা সিং (Milkha Singh) ৰ স্মৃতিত শনিবাৰে ভাৰতীয় ক্ৰিকেট দলে ক'লা আৰ্মবেণ্ড পৰিধান কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেলত অৱতীৰ্ণ হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) এক বিবৃতিত প্ৰকাশ কৰে এই কথা ৷

ভাৰতীয় এথলেটিকছৰ সম্ৰাট (Doyen of Indian Athletics) খ্যাত মিলখা সিঙে বিগত এটা মাহ কৰ’ণা (COVID-19)ৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা চণ্ডীগড়ত ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ বহু বাধা-প্ৰত্যাহ্বান স্বত্বেও মিলখাই ভাৰতীয় ক্ৰীড়াত সফলতাৰে নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল । দৌৰবিদ হিচাপে পৰিচিত মিলখা সিঙৰ স্থান অদ্বিতীয় হৈ ৰ’ব ৷

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত, 'দ্য ফ্লাইং বাৰ্ড অৱ এছিয়া’ (the flying bird of asia) ৰূপে জনাজাত ১০০ মিটাৰত দুবাৰ এছিয়াডৰ স্বৰ্ণ পদক বিজয়ী আব্দুল খালিকক পৰাস্ত কৰাৰ পিছতেই তদানীন্তন পাকিস্তানৰ সেনাধ্যক্ষ আয়ুব খানে তেওঁক 'ফ্লাইং শিখ’ (flying sikh) খিতাপেৰে সন্মানিত কৰিছিল । ৰোম অলিম্পিক (Rome Olympics)ত ৪০০ মিটাৰ দৌৰত এটা ক্ষণৰ বাবে পদক লাভৰ পৰা বঞ্চিত হৈছিল স্প্ৰিণ্ট ৰজা (Sprint King) মিলখা সিং (Milkha Singh) ।

লগতে পঢ়ক :WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড

ABOUT THE AUTHOR

...view details