অসম

assam

ETV Bharat / sports

আজি সমুখ সমৰত ভাৰত-পাকিস্তানঃ ফাঁচী বজাৰত ব্যাপক আয়োজন - ভাৰত বনাম পাকিস্তান

ভাৰত - পাকিস্তান মেচৰ বাবে সাজু হৈ পৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ ৷ লাড়ু বনাবলৈ অৰ্ডাৰ দিয়াৰ লগতে এখন ডাঙৰ পৰ্দাত খেল উপভোগ কৰিব বুলি জানিবলৈ দিয়ে ফাঁচী বজাৰবাসীয়ে ৷

ভাৰত - পাকিস্তান মেচৰ বাবে সাজু গুৱাহাটীবাসী

By

Published : Jun 16, 2019, 1:21 PM IST

গুৱাহাটী, 16 জুন : আৰু কিছু সময়ৰ পাছতে আৰম্ভ হ'ব ভাৰত - পাকিস্তানৰ ক্ৰিকেটৰ মহাৰণ ৷ আন এক উত্তেজনাপূৰ্ণ আৰু ঐতিহাসিক মেচৰ প্ৰত্যক্ষদৰ্শী হ'বলৈ সাজু সমগ্ৰ বিশ্ব ৷ আজিপৰ্যন্ত বিশ্বকাপৰ এখনো মেচত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হোৱা নাই ভাৰত ৷ এনে এক উত্তেজনাপূৰ্ণ মেচৰ বাবে ব্যাপক উছাহ-উদ্দীপনা দেখা পোৱা গ'ল দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ ফাঁচী বজাৰতো ৷

ভাৰত - পাকিস্তান মেচৰ বাবে সাজু গুৱাহাটীবাসী

হাতে হাতে জাতীয় পতাকা লৈ ভাৰত-পাকিস্তানৰ মেচৰ বাবে সাজু ফাঁচী বজাৰৰ লোকসকল ৷ 'হিন্দুস্তান জিন্দাবাদ' শ্ল'গান দিয়াৰ লগতে পাকিস্তানক এইবাৰো পৰাস্ত কৰি ভাৰতে অভিলেখ গঢ়িব বুলি আশা প্ৰকাশ কৰে তেওঁলোকে ৷ 1 বজাৰ লগে লগে খেল চাবলৈ দোকান বন্ধ কৰি দিব বুলি মন্তব্য কৰি ফাঁচী বজাৰৰ ব্যৱসায়ীসসকলে কয় যে ইতিমধ্যে 50 কিলো লাড়ুৰ অৰ্ডাৰ দিয়া হৈছে ৷ খেল উপভোগ কৰিবলৈ এখন ডাঙৰ পৰ্দা সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে লোকসকলে ৷

ABOUT THE AUTHOR

...view details