নিউজ ডেস্ক , 28 ফেব্ৰুৱাৰীঃ আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব লগা তৃতীয় টেষ্টত অংশগ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত হ’ব ভাৰতৰ বেগী বলাৰ ঈশান্ত শৰ্মা ৷ উল্লেখযোগ্য যে , নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত প্ৰথম টেষ্টত পাঁচটা উইকেট দখল কৰিছিল খেলুৱৈ গৰাকীয়ে ৷
শুকুৰবাৰে দ্বিতীয় টেষ্টৰ বাবে হোৱা দলীয় অনুশীলনত অনুপস্থিত থাকে খেলুৱৈ গৰাকী ৷ পাছত খেলুৱৈগৰাকীক শাৰীৰিক ফিটনেছ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ বৰ্তমান টীম ইণ্ডিয়াৰ দল নিৰ্বাচক তথা ব্যৱস্থাপনা সমিতিয়ে খেলুৱৈ গৰাকীৰ শাৰীৰিক ফিটনেছ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে ৷ বিশেষ সূত্ৰ অনুসৰি যদি ঈশান্ত শৰ্মা দ্বিতীয় টেষ্টৰ বাবে শাৰীৰিকভাৱে সাজু হৈ নুঠে,তেন্তে তেওঁৰ স্থানত বেগী বলাৰ উমেশ যাদৱে স্থান লাভ কৰাৰ সম্ভাৱনা আছে ৷