নিউজ ডেস্ক, 30 মে': প্ৰথমখন ৱাৰ্ম আপত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত দ্বিতীয়খন ৱাৰ্ম আপত বাংলাদেশৰ বিৰুদ্ধে জয়েৰে মনোৱল বৃদ্ধি পাইছে ভাৰতীয় দলৰ ৷ ইয়াৰ পাছতে বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মহাৰণৰ বাবে বৃহস্পতিবাৰে ৰ'জ বল ষ্টেডিয়ামত নেট অনুশীলনত ব্যস্ত হৈ পৰে দলৰ খেলুৱৈ সকল ৷ অনুশীলনৰ আৰম্ভণিতে বিৰাট কোহলীয়ে স্পীনাৰৰ সৈতে বেটিং কৰাৰ উপৰি ধাৱান আৰু ধোনীয়েও অনুশীলনত ভাগ লয় ৷ শেহতীয়াকৈ আঘাতৰ পৰা মুক্ত হোৱা কেদাৰ যাদৱকো অনুশীলনৰ সময়ত সুস্থ দেখা পোৱা যায় ৷ ভূৱনেশ্বৰ কুমাৰৰ লগতে ভাৰতীয় দলৰ বলাৰ সকলে নেটত কঠোৰ অনুশীলন কৰা দেখা যায় ৷
বিশ্বকাপ ক্ৰিকেট, 2019 : সাজু ভাৰত - নেট অনুশীলন
বৃহস্পতিবাৰে ৰ'জ বল ষ্টেডিয়ামত নেট অনুশীলন কৰে ভাৰতীয় ক্ৰিকেট দলে ৷ ভাৰতীয় ক্ৰিকেট দলে প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 5 জুনত মুখামুখি হ'ব ৷
ৰ'জ বল ষ্টেডিয়াম
কিন্তু, ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱ অসুস্থাতাৰ বাবে অনুশীলনৰ পৰা বিৰত থাকে ৷ তাৰোপৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক ৰবী শাস্ত্ৰীও অনুশীলনৰ সময়ত উপস্থিত থাকে ৷ উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলে প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 5 জুনত মুখামুখি হ'ব ৷