নিউজ ডেস্ক,১৫ জুন: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ কপিল দেৱে শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ বহু অপেক্ষিত মেচ সম্পৰ্কত মন্তব্য কৰিছে। ভাৰতক পাকিস্তানতকৈ 'বহু উন্নত' দল হিচাপে দাবী কৰি কপিল দেৱে কয় যে, মেচখনত ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনা প্ৰচুৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দেৱে মন্তব্য কৰে যে,এই দুই দলে ১০ খন মেচ খেলিলে ভাৰতেই ৭ খনত জয়ী হোৱাৰ ক্ষমতা আছে। ইয়াৰোপৰি, ভাৰতৰ অধিনায়ক বিৰাট কোহলীৰ প্ৰশংসা কৰি তেওঁ কয় যে,কোহলী বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন আৰু সকলোৱে তেওঁক লৈ গৌৰৱ অনুভৱ কৰে।
ভাৰত পাকিস্তানতকৈ 'বহু উন্নত': কপিল দেৱ - ভাৰত - পাকিস্তান মেচ
১৬ জুনত বহু অপেক্ষিত ভাৰত-পাকিস্তান মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ কপিল দেৱে ভাৰতক পাকিস্তানতকৈ 'বহু উন্নত' দল বুলি মন্তব্য় কৰিছে ।

কপিল দেৱ
তাৰোপৰি,২৫ বৰ্ষীয় ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহ আৰু ৫ বছৰ ধৰি ফৰ্মত থকাৰ আশা প্ৰকাশ কৰে কপিল দেৱে। বিশ্বকাপজয়ী ১৯৮৩ চনৰ ভাৰতীয় দলৰ অধিনায়ক দেৱে শেহতীয়াকৈ এম. এছ. ধোনীৰ গ্ল'ভছ বিতৰ্ক সম্পৰ্কতো মন্তব্য কৰে। তেওঁ জানিবলৈ কয় যে, ধোনীয়ে পেৰা কমাণ্ডোৰ চিহ্নখচিত গ্ল'ভছ পৰিধান কৰি দেশপ্ৰেমৰ উদাহৰণ দিয়ে।
উল্লেখ্য যে,১৬ জুনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু অপেক্ষিত যুঁজত নামিব ।
Last Updated : Jun 18, 2019, 10:57 AM IST