নিউজ ডেস্ক, 30 জুন : বিশ্বকাপ ক্ৰিকেট, 2019 ত দেওবাৰে এখন গুৰুত্বপূৰ্ণ মেচত বাৰ্মিংহামৰ এজবেষ্টনত মুখামুখি হ'ব বিশ্ব ৰেংকিঙৰ দুই শীৰ্ষ স্থানৰ দল ভাৰত আৰু ইংলেণ্ড ৷ এই মেচ সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কৃঞ্চমাচাৰী শ্ৰীকান্ঠে মন্তব্য কৰে যে, ভাৰত - ইংলেণ্ড মেচ খন বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা হ'ব ৷ ইয়াৰোপৰি, টীম ইণ্ডিয়াক বিশ্বকাপৰ 'ফেভাৰেট' হিচাপে উল্লেখ কৰে শ্ৰীকান্ঠে ৷
ভাৰত বনাম ইংলেণ্ড হ'ব বিশ্বকাপৰ সৰ্বশ্ৰষ্ঠ মেচ : কে. শ্ৰীকান্ঠ - এজবেষ্টন
বিশ্বকাপত দেওবাৰে মুখামুখি হ'ব ভাৰত - ইংলেণ্ড ৷ ভাৰতক বিশ্বকাপৰ 'ফেভাৰেট' হিচাপে উল্লেখ কৰাৰ লগতে ভাৰত বনাম ইংলেণ্ড মেচ খন বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ মেচ হ'ব বুলি দাবী কৰে শ্ৰীকান্ঠে ৷
কে. শ্ৰীকান্ঠ
ইয়াৰ লগতে ধীৰ গতিৰ বেটিঙৰ বাবে ধোনীয়ে সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে তেওঁৰ সমৰ্থনত থিয় দিয়ে শ্ৰীকান্ঠ ৷ তেওঁ কয় যে, উইকেট কীপাৰ বেটছমেন গৰাকীয়ে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত সমালোচক সকলৰ মুখ বন্ধ কৰিবলৈ সক্ষম হ'ল ৷
উল্লেখ্য যে, বিশ্বকাপত অপৰাজিত হৈ ৰোৱা একমাত্ৰ দল ভাৰতে 11 পইন্টেৰে পইন্ট তালিকাৰ দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে 7 খন মেচৰ 4 খনত জয়েৰে পঞ্চম স্থানত ৰৈছে ইংলেণ্ড ৷