অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ দ্বিতীয়খন অনুশীলন মেচত জয় লাভ ভাৰতৰ

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা বিশ্বকাপৰ দ্বিতীয়খন অনুশীলন মেচত 95 ৰানত জয় লাভ বিৰাট এণ্ড কোম্পানীৰ ৷

বিশ্বকাপৰ দ্বিতীয়খন অনুশীলন মেচত জয় লাভ ভাৰতৰ

By

Published : May 29, 2019, 3:53 AM IST

স্পৰ্টছ ডেস্ক, 29 মে’: মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে নিজৰ বিশ্বকাপৰ দ্বিতীয়খন অনুশীলন মেচত অৱতীৰ্ণ হৈছিল ভাৰত ৷ মেচখনত ভাৰতে 95 ৰানত বাংলাদেশক সহজে পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ ভাৰতে প্ৰথমে বেটিং কৰি কে.এল ৰাহুল আৰু ধোনীৰ শতকৰ বিনিময়ত 7 টা উইকেট হেৰুৱাই 359 ৰানৰ বিশাল স্কৰ সংগ্ৰহ কৰিছিল ৷ ৰাহুলে 108 ৰান কৰি আউট হোৱাৰ বিপৰীতে ধোনীয়ে 113 ৰান কৰি পেভিলিয়নমুখি হয় ৷ অৱশ্যে মেচখনত ভাৰতে 102 ৰানত নিজৰ বহুমূলীয়া 4 টা উইকেট হেৰুৱাইছিল ৷ য’ত থাকে ৰোহিত (19), শিখৰ ধাৱন (1), কোহলি (47), বিজয় শংকৰ (2) ৰ উইকেট ৷ বাংলাদেশৰ হৈ ৰুবুল হুচেইন আৰু ছাকিব-উল-হাচানে সৰ্বাধিক 2-2 টা কৈ উইকেট দখল কৰে ৷

ধোনী-ৰাহুলৰ শতক

ভাৰতৰ 360 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি বাংলাদেশ দলটোৱে 49.3 অভাৰত 264 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 90 ৰান কৰে অধিনায়ক মুছফিকুৰ ৰহমানে ৷ ইপিনে 70 ৰানৰ বৰঙণি দিয়ে লিটন দাসে ৷ ভাৰতৰ হৈ 3-3 টা কৈ উইকেট দখল কৰে কুলদ্বীপ যাদৱ আৰু যুজৱেন্দ্ৰ চেহেলে ৷ ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন অনুশীলন মেচত চৰম ব্যৰ্থৰ সন্মুখীন হৈছিল ভাৰতীয় বেটিং ক্ৰম ৷

লগতে চাওকঃ বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম শতক আৰু অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ

ABOUT THE AUTHOR

...view details