অসম

assam

ETV Bharat / sports

ভাৰত - নিউজিলেণ্ডৰ ছেমি ফাইনেলত বৰুণ দেৱতাৰ বিধি-পথালি - বৰষুণ

পুনৰ আৰম্ভ হ'ব ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচ ৷ মঙলবাৰে বৰষুণৰ বাবে 46.1 অ'ভাৰত স্থগিত ৰাখিব লগা হৈছিল মেচ খন ৷

ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনে

By

Published : Jul 10, 2019, 2:57 PM IST

স্পৰ্টছ ডেস্ক,10 জুলাই : বুধবাৰে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ডত বিয়লি 3 বজাৰ পৰা পুনৰ আৰম্ভ হ'ব ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচ ৷ উল্লেখ্য যে,মঙলবাৰে অনুষ্ঠিত হোৱা মেচখন কিৱি বাহিনীয়ে বেটিং কৰি থকাৰ সময়তে বৰষুণৰ বাবে 46.1 অ'ভাৰত স্থগিত কৰিব লগা হৈছিল ৷ সেই সময়লৈ নিউজিলেণ্ড দলটোৱে সংগ্ৰহ কৰিছিল 5 উইকেটৰ বিনিময়ত 211 ৰাণ ৷

বুধবাৰেও ধাৰাষাৰ বৰষুণৰ বাবে মেচখন আৰম্ভ হোৱাত কিছু পলম হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে খেলুৱৈ সকল সাজু হৈ পৰিছে যদিও বতৰৰ অনিশ্চয়তাৰ বাবে সম্পূৰ্ণৰূপে বাতিল হোৱাৰো সম্ভাৱনা আছে খেলখন ৷ ইয়াৰ পৰিপেক্ষিতত খেল বাতিল হ'লে ফাইনেলত প্ৰৱেশ কৰিব ভাৰতে ৷ আনহাতে, 'ডিএল' পদ্ধতি অৱলম্বন কৰিবলৈ হ'লে অতি কমেও 20 অ'ভাৰৰ মেচ খেলিব লাগিব কোহলী বাহিনীয়ে ৷

'ডিএল' পদ্ধতি অৱলম্বন কৰিলে ভাৰতৰ বাবে নিৰ্ধাৰিত ৰাণ সংখ্যা হ'ব -
20 অ'ভাৰত 148 ৰাণ
25 অ'ভাৰত 172 ৰাণ
30 অ'ভাৰত 192 ৰাণ
35 অ'ভাৰত 209 ৰাণ
40 অ'ভাৰত 223 ৰাণ
46 অ'ভাৰত 237 ৰাণ

অ'ল্ড ট্ৰেফৰ্ড ক্ৰিকট গ্ৰাউণ্ড

ABOUT THE AUTHOR

...view details