স্পৰ্টছ ডেস্ক, 13 জুনঃপুনৰ 2019 বিশ্বকাপত বৰষুণৰ বিধি-পথালি ৷ বৰষুণৰ বাবে টুৰ্ণামেণ্টখনত বাতিল হ'ল চতুৰ্থখন মেচ ৷
বাতিল হ'ল ভাৰত-নিউজিলেণ্ডৰ মেচ - ভাৰত
বৰষুণৰ বাবে বাতিল হ'ল বিশ্বকাপৰ 18 সংখ্যক মেচ ৷ ট্ৰণ্ড ব্ৰিডজৰ নটিংহামত টছ বিহীন ভাৱে বাতিল হ'ল ভাৰত নিউজিলেণ্ডৰ মাজৰ খেলখন ৷
ট্ৰণ্ড ব্ৰিডজৰ নটিংহামত টছ বিহীন ভাৱে বাতিল হ'ল ভাৰত নিউজিলেণ্ডৰ মাজৰ খেলখন ৷ বিশ্বকাপৰ এইখন আছিল 18 সংখ্যক মেচ ৷ দুয়োটা দলৰ মাজত বিতৰণ কৰা হয় এক-এক পইণ্ট ৷
বৰ্তমানলৈকে নিউজিলেণ্ডে নিজৰ বিশ্বকাপৰ 4 খন মেচৰ 3 খনত জয় আৰু 1 খনত বাতিলৰ জৰিয়তে 7 পইণ্টেৰে পইণ্টছ টেবুলৰ শীৰ্ষ স্থানত আছে দলটো ৷ আনহাতে ভাৰতীয় দলটোৱে নিজৰ তিনিখন মেচৰ 2 খনত জয় আৰু 1 খনত বাতিলৰে 5 পইণ্টছ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ পইণ্টছ টেবুলৰ তৃতীয় স্থানত আছে ভাৰত ৷ দুয়োটা দলে বৰ্তমানলৈকে টুৰ্ণামেণ্টখনত অপ্ৰতিৰোধ্য ৷