অসম

assam

By

Published : Jun 2, 2019, 4:24 PM IST

ETV Bharat / sports

১০০সংখ্যক এদিনীয়া খেলিব ইমৰাণ তাহিৰে

৪০বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে কেনিংটন অ'ভেলত খেলাৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হ'ব তাহিৰ । এই সম্পৰ্কত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ হৈ এই সুযোগ লাভ কৰাৰ বাবে তেওঁ যথেষ্ট সুখী ।

ইমৰাণ তাহিৰ

নিউজ ডেস্ক, ২ জুন :লেগ স্পীনাৰ ইমৰাণ তাহিৰে দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে ১০০সংখ্যক এদিনীয়া মেচত অংশগ্ৰহণ কৰিব । ৪০বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে কেনিংটন অ'ভেলত খেলাৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হ'ব তাহিৰ । এই সম্পৰ্কত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ হৈ এই সুযোগ লাভ কৰাৰ বাবে তেওঁ যথেষ্ট সুখী । ১০০সংখ্যক মেচত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ বাবে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডৰ লগতে দেশবাসীৰ ওচৰত চিৰকৃতজ্ঞ বুলি তেওঁ জনায় ।

ইমৰাণ তাহিৰ

লগতে মহান খেলুৱৈ গৰাকীয়ে উল্লেখ কৰে যে, এই কৃতিত্ব তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । সৰুতেই পিতৃ - মাতৃক হেৰুওৱা তাহিৰে এনে সফলতাৰ পাছতে ক্ৰিকেটত ব্যস্ত থকাৰ বাবে নিজ ভাতৃ - ভগ্নীকো দুবছৰে লগ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচত অংশগ্ৰহণৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰা বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় তেওঁ ।

ইয়াৰোপৰি তেওঁৰ দখলত আছে এদিনীয়া ক্ৰিকেটত এটা ইনিংছত ৭ টা উইকেট দখল কৰাৰো অভিলেখ । দক্ষিণ আফ্ৰিকাৰ হৈ দ্ৰুততম ১০০ টা উইকেট দখল কৰাৰ লগতে বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমটো অ'ভাৰতে স্পীন বলিং কৰাৰো অভিলেখ আছে তেওঁৰ দখলত ।

ABOUT THE AUTHOR

...view details