নিউজ ডেস্ক, ৭ জুন : এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সন্দৰ্ভত শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰত্যাখ্যান কৰিছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ অনুৰোধ । উল্লেখ্য যে, ধোনীক পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল’ভছ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈ বিচিচিআইয়ে আইচিচিৰ ওচৰত লিখিত অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল । আইচিচিৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কোনো আইচিচিৰ ইভেন্টত এনেদৰে ব্যক্তিগত বাৰ্তা তথা চিহ্ন ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা নহয় ।
বিচিচিআইৰ অনুৰোধ প্ৰত্যাখ্যান আইচিচিৰ - অনুৰোধ প্ৰত্যাখ্যান আইচিচিৰ
শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰত্যাখ্যান কৰিছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ অনুৰোধ । ধোনীক পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল’ভছ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈ বিচিচিআইয়ে আইচিচিৰ ওচৰত লিখিত অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল ।
এম. এছ. ধোনীৰ গ্ল'ভছ বিবাদ
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচত ধোনীয়ে এনে গ্ল'ভছ পৰিধান কৰাৰ পাছতে খৰ্গহস্ত হৈ পৰিছিল ক্ৰিকেটৰ আন্তৰাষ্ট্ৰীয় সংস্থাটো ।