অসম

assam

ETV Bharat / sports

গ্ল'ভছ বিবাদ সম্পৰ্কত আইচিচিলৈ বিচিচিআইৰ অনুৰোধ - আইচিচিলৈ বিচিচিআইৰ অনুৰোধ

এম. এছ. ধোনীৰ গ্ল'ভছ বিবাদ সন্দৰ্ভত বিচিচিআইয়ে এক অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছে আইচিচিলৈ । আইচিচিৰ এক সূত্ৰই পত্ৰখন লাভ কৰা বুলি জানিবলৈ দিয়াৰ লগতে এই সম্পৰ্কত এখন বৈঠকত মিলিত হ'ব বুলি জানিবলৈ দিয়ে ।

গ্ল'ভছ বিবাদ সম্পৰ্কত আইচিচিলৈ বিচিচিআইৰ অনুৰোধ

By

Published : Jun 7, 2019, 9:49 PM IST

নিউজ ডেস্ক, ৭ জুন : এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে শুকুৰবাৰে প্ৰেৰণ কৰা এখন অনুৰোধ পত্ৰ লাভ কৰিছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে । আইচিচিৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বিচিচিআইয়ে পঠিওৱা অনুৰোধ পত্ৰখন লাভ কৰাৰ লগতে এই সম্পৰ্কত এখন বৈঠকত মিলিত হ'ব ।

এম. এছ. ধোনী
বিচিচিআইৰ চেয়াৰমেন বিনোদ ৰাইয়ে ইয়াৰ পূৰ্বে জনাইছিল যে, ধোনীক পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল’ভছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিবলৈ ব'ৰ্ডে আইচিচিলৈ এক লিখিত পত্ৰ প্ৰেৰণ কৰিছিল । তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে, আইচিচিয়ে ইয়াৰ বিৰোধিতা কৰিলে সন্মতি সহকাৰেহে এই গ্ল'ভছ ধোনীয়ে ব্যৱহাৰ কৰিব ।
এম. এছ. ধোনী
বিবাদৰ পাছতে আইচিচিয়ে মন্তব্য কৰিছিল যে, এই গ্লভ’ছ পৰিধান বিষয়টো কোনো ৰাজনৈতিক অভিসন্ধি আৰু বৰ্ণ বৈষম্যৰ সৈতে জড়িত নহয় বুলি ধোনী আৰু বিচিচিআইয়ে স্পষ্ট কৰিলেহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব তেওঁলোকে ৷
এম. এছ. ধোনী

ABOUT THE AUTHOR

...view details