স্পৰ্টছ ডেস্ক, ২৬ মে': পাকিস্তানী ক্ৰিকেটাৰলৈ সুখবৰ, অৱশেষত মান্তি হ'ল পাকিস্তান ক্ৰিকেট ব'ৰ্ড । আগন্তুক বিশ্বকাপৰ বাবে পাকিস্তানী ক্ৰিকেটাৰে লগত নিব পাৰিব পত্নী তথা পৰিয়ালৰ লোকক । কিন্তু এই অনুমতি প্ৰদান কৰিছে ভাৰত - পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া ১৬ জুনৰ মেচ খনৰ পাছতহে ।
পাকিস্তানী ক্ৰিকেটাৰলৈ সুখবৰ ! কিন্তু কিয় ? - ১৬ জুন
ভাৰত - পাকিস্তানৰ মেচৰ পাছতহে পাকিস্তান ক্ৰিকেট দলে লগতে নিব পাৰিব পত্নী তথা পৰিয়ালৰ লোকক । এই ঘোষণা কৰিলে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ।
পাকিস্তান ক্ৰিকেট ব'ৰ্ড
উল্লেখ্য যে, ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া শৃংখলাৰ পূৰ্বে পাকিস্তানী ক্ৰিকেট ব'ৰ্ডে খেলুৱৈসকলৰ পৰিয়ালক বিশ্বকাপলৈ নিয়াৰ অনুমতি প্ৰদান কৰিছিল । কিন্তু শৃংখলাত শোচনীয় পৰাজয়ৰ পাছতে পাকিস্তানী ক্ৰিকেট ব'ৰ্ডে এই সিদ্ধান্ত সলনি কৰিছিল ।