অসম

assam

ETV Bharat / sports

ইংলেণ্ড দলক "মষ্ট ফেভাৰেট" আখ্যা গ্লেন মেকগ্ৰাথৰ - বিশ্বকাপ ক্ৰিকেট

আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ বাবে ইংলেণ্ড দলক "মষ্ট ফেভাৰেট" আখ্যা গ্লেন মেকগ্ৰাথৰ । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বলাৰ গৰাকীয়ে মন্তব্য কৰে যে, দূৰ্দান্ত ফৰ্মত থকা ইংলেণ্ড দলটোৰ শেহতীয়া প্ৰদৰ্শনে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।

ইংলেণ্ড দলক "মষ্ট ফেভাৰেট" আখ্যা গ্লেন মেকগ্ৰাথৰ

By

Published : May 27, 2019, 7:41 PM IST

Updated : May 27, 2019, 7:47 PM IST

নিউজ ডেস্ক, ২৭ মে': প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেকগ্ৰাথে আয়োজক ইংলেণ্ড দলক বিশ্বকাপৰ পছন্দৰ দল হিচাপে ঘোষণা কৰিছে । ই এছ পিএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে মন্তব্য কৰে যে, এদিনীয়া ক্ৰিকেটত ইংলেণ্ড এক সফল দল আৰু এই দলে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । তেওঁ লগতে উল্লেখ কৰে যে, সম্প্ৰতি দূৰ্দান্ত ফৰ্মত থকা ইংলেণ্ড দলটোৰ শেহতীয়া প্ৰদৰ্শনে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।

বিশ্বকাপ ক্ৰিকেট, ২০১৯

এই মন্তব্য কৰিলেও তেওঁ লগতে জনাই যে, অন্য দলসমূহো বিশ্বকাপ জয়ৰ বাবে সমানেই যোগ্য আৰু অষ্ট্ৰেলিয়া দলে ভাল প্ৰদৰ্শন কৰিলে তেওঁ অধিক সুখী হ'ব । উল্লেখ্য যে, ৪৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ২০০৭ বৰ্ষৰ বিশ্বকাপত "প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট" সন্মান লাভ কৰিছিল ।

Last Updated : May 27, 2019, 7:47 PM IST

ABOUT THE AUTHOR

...view details