অসম

assam

ETV Bharat / sports

নতুন অভিলেখৰ অধিকাৰী গেইল - ABD VILLIERS

নতুন অভিলেখৰ অধিকাৰী হ'ল ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন গেইল। গেইলে ২৭ খন মেচত ৪০ টাকৈ ছয় সংগ্ৰহ কৰি বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈ হিচাপে পৰিগণিত হয় ।

নতুন অভিলেখৰ অধিকাৰী গেইল

By

Published : Jun 1, 2019, 2:56 PM IST

নিউজ ডেস্ক,১ জুন: ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন তথা অ'পেনাৰ ক্ৰিছ গেইলে শুকুৰবাৰে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত এক অভিলেখৰ অধিকাৰী হয়। দক্ষিণ আফ্ৰিকাৰ এবিডি ভিলিয়াৰ্ছে বিশ্বকাপত সংগ্ৰহ কৰা সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে ক্ৰিছ গেইলে। ভিলিয়াৰ্ছে বিশ্বকাপৰ ২৩ খন মেচত গোটোৱা ৩৭ টা ছয়ৰ বিপৰীতে গেইলে ২৭ খন মেচত ৪০ টাকৈ ছয় সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী হয়।

নতুন অভিলেখৰ অধিকাৰী গেইল
ইয়াৰ উপৰি এই তালিকাত ৩১টা ছয়েৰে তৃতীয় স্থানত আছে প্ৰাক্তন অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পন্টিং,চতুৰ্থ স্থানত ২৯ টা ছয়েৰে ব্ৰেণ্ডন মেক্কুলাম আৰু পঞ্চম স্থানত ২৮ টা ছয়েৰে আছে হাৰ্ছেল গিবছ।

ABOUT THE AUTHOR

...view details