স্পৰ্টছ ডেস্ক, 30 মে’: ভাৰতৰ 2007 টি-20 বিশ্বকাপ আৰু 2011 বিশ্বকাপ বিজয় দলৰ প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰৰ বিশ্বকাপৰ ছেমিফাইনেলৰ দলক লৈ ভৱিষ্যৎবাণী ৷ গম্ভীৰৰ মতে, এইবাৰৰ বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হ’ব ভাৰতীয় ক্ৰিকেট দলে ৷ এই ক্ষেত্ৰত বিৰাট কোহলিৰ তীক্ষ্নতাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কয় গম্ভীৰে ৷
বিশ্বকাপক লৈ গম্ভীৰৰ ভৱিষ্যৎবাণী - গম্ভীৰ
ভাৰতৰ প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰৰ বিশ্বকাপক লৈ ভৱিষ্যৎবাণী ৷ ক’লে কোনটো দলে লাভ কৰিব ছেমিফাইনেলৰ টিকট ৷
ইয়াৰ লগতে গম্ভীৰে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ড দলেও ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ গম্ভীৰৰ মতে ইংলেণ্ড আৰু নিউজিলেণ্ড দলটোৱে বিগত কিছু সময় ধৰি সুন্দৰ খেলৰ প্ৰদৰ্শন কৰি আহিছে ৷ লগতে ঘৰুৱা পৰিৱেশে ইংলেণ্ড ক্ৰিকেট দলটোক যথেষ্ট সহায় কৰিব বুলিও আশাবাদী গম্ভীৰ ৷ গতিকে প্ৰথমবাৰৰ বাবে ইয়ন মৰ্গানৰ নেতৃত্বত বিশ্বকাপ খিতাপ জয়ৰ বাবে সুন্দৰ সুযোগ আহি পৰিছে ইংলেণ্ড দলটোলৈ ৷
30 মে’ৰ পৰা আৰম্ভ হৈছে আই চি চি ৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মহাৰণ ৷ প্ৰথম দিনাৰ খেলত সন্মুখ-সমৰত নামিছে ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা ৷