অসম

assam

ETV Bharat / sports

2019 বিশ্বকাপঃ ইংলেণ্ডৰ সন্মুখত বাংলাদেশ

ইংলেণ্ডৰ কাৰ্ডিফত আজি বিশ্বকাপৰ 12 সংখ্যক মেচত মুখামুখি হ’ব ইংলেণ্ড আৰু বাংলাদেশ ৷

By

Published : Jun 8, 2019, 1:18 PM IST

2019 বিশ্বকাপঃ ইংলেণ্ডৰ সন্মুখত বাংলাদেশ

স্পৰ্টছ ডেস্ক, 6 জুনঃআই চি চি 2019 ক্ৰিকেট বিশ্বকাপৰ 12 সংখ্য়ক মেচত শনিবাৰে আয়োজক দেশ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব বাংলাদেশ ৷ দুয়োটা দলৰে লক্ষ্য হ’ব এই মেচখন জয় লাভ কৰাৰ ৷ কাৰণ ইয়াৰ আগৰ মেচত ইংলেণ্ডে পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে নিউজিলেণ্ডৰ হাতত বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল বাংলাদেশ ৷

2019 বিশ্বকাপঃ ইংলেণ্ডৰ সন্মুখত বাংলাদেশ

দুয়োটা দলে বিশ্বকাপত বৰ্তমানলৈকে 2 খনকৈ মেচত অৱতীৰ্ণ হৈছে ৷ য’ত দুয়োটা দলে এখনত জয় আৰু এখনত পৰাজয়ৰ মুখ দেখিছে ৷

ইংলেণ্ড আৰু বাংলাদেশে ইয়াৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত 20 খন মেচত মুখামুখি হৈছে ৷ য’ত 16 বাৰ ইংলেণ্ডে বিজয়ী হোৱাৰ বিপৰীতে মাত্ৰ 4 বাৰ হে জয়ৰ সোৱাদ লাভ কৰিছে বাংলাদেশে ৷

ABOUT THE AUTHOR

...view details