স্পৰ্টছ ডেস্ক, 3 জুন: ইংলেণ্ডৰ ট্ৰেণ্ট ব্ৰীজ নটিংহামত আজি বিশ্বকাপৰ 6 সংখ্যক মেচত মুখামুখি হৈছে ইংলেণ্ড আৰু পাকিস্তান ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰুৱা দল ইংলেণ্ডে ৷ ইংলেণ্ডৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ আহি ধীৰ সুস্থিৰে বৰ্তমানলৈকে পাকিস্তান দলটোৱে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিছে 82 ৰান ৷
বিশ্বকাপঃ ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তান - ENGLAND
ধাৰাবাহিক পৰাজয়ৰ ধাৰা ভংগ কৰাৰ লক্ষ্যৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰণভূমিত পাকিস্তান ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ ৷
উল্লেখ্য যে, পাকিস্তানে নিজৰ বিশ্বকাপৰ প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শোচনীয় পৰাজয় সন্মুখীন হোৱাৰ বিপৰীতে ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইপিনে আজিৰ মেচখনত জয় লাভ কৰি বিগত এঘাৰ খন মেচৰ দহ খনত পৰাজয়ৰ ধাৰা ভংগ কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছে পাকিস্তান দলটো ৷ ইংলেণ্ড আৰু পাকিস্তান দলটোৱে ইয়াৰ পূৰ্বে মুঠ 84 খন এদিনীয়াত মুখামুখি হৈছে ৷ য’ত ইংলেণ্ডে 53 খন আৰু পাকিস্তানে 31 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে বিশ্বকাপতো দুয়োটা দলে ইয়াৰ পূৰ্বে 8 খন মেচত অৱতীৰ্ণ হৈছে ৷ য’ত 4 খন মেচত ইংলেণ্ড আৰু 4 খন মেচত পাকিস্তানে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷