ETV Bharat Assam

অসম

assam

ETV Bharat / sports

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ডুমিনী আৰু তাহিৰৰ - অৱসৰ

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ ইমৰাণ তাহিৰ আৰু অল ৰাউণ্ডাৰ জে. পি. ডুমিনীয়ে ৷ শেষবাৰৰ বাবে অ'ল্ড ট্ৰেফৰ্ডত দক্ষিণ আফ্ৰিকাৰ জাৰ্ছীত এই দুই তাৰকাক দেখিবলৈ পাব অনুৰাগীয়ে ৷

বিদায় ডুমিনী আৰু তাহিৰ
author img

By

Published : Jul 6, 2019, 10:54 PM IST

নিউজ ডেস্ক, 6 জুলাই : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শনিবাৰে অনুষ্ঠিত মেচৰ পাছতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ ইমৰাণ তাহিৰ আৰু অল ৰাউণ্ডাৰ জে. পি. ডুমিনীয়ে ৷ শেষবাৰৰ বাবে অ'ল্ড ট্ৰেফৰ্ডত দক্ষিণ আফ্ৰিকাৰ জাৰ্ছীত এই দুই তাৰকাক দেখিবলৈ পাব অনুৰাগীয়ে ৷

আইচিচিয়ে এক টুইটাৰৰ জৰিয়তে ক্ৰিকেটাৰ দুগৰাকীলৈ বিদায় জনাই মন্তব্য কৰে যে, দক্ষিণ আফ্ৰিকাৰ দুই মহান ক্ৰিকেট তাৰকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচৰ পাছতে এদিনীয়া ক্ৰিকেটক বিদায় জনাব ৷

ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডেও দুই তাৰকালৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

ইমৰাণ তাহিৰ

উল্লেখ্য যে, ডুমিনীয়ে দক্ষিণ আফ্ৰিকাৰ হৈ 198 খন এদিনীয়াত অংশগ্ৰহণ কৰি 5103 ৰাণ সংগ্ৰহ কৰাৰ লগতে চাৰিটাকৈ শতক আৰু 27 টা অৰ্ধশতক অৰ্জন কৰিছে ৷ ইয়াৰোপৰি, তেওঁৰ দখলত আছে 69 টাকৈ উইকেট ৷ আনহাতে, তাহিৰে 106 খন এদিনীয়াত অংশগ্ৰহণ কৰি 172 টা উইকেট দখল কৰিছে ৷

জে. পি. ডুমিনী

উল্লেখ্য যে, বিশ্বকাপত দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱা দক্ষিণ আফ্ৰিকা দলে ইতিমধ্যেই ছেমি ফাইনেলৰ পৰা বাহিৰ হৈছে ৷

ABOUT THE AUTHOR

...view details