অসম

assam

By

Published : Jul 5, 2019, 5:21 PM IST

ETV Bharat / sports

ধোনীয়ে আৰু এক দুই বছৰ খেলা উচিত : মালিংগা

এম. এছ. ধোনীৰ অভিজ্ঞতাবোৰৰ পৰা যুৱ খেলুৱৈ সকলে কিছু শিকিবলৈ পোৱাৰ উদ্দেশ্যেৰেই তেওঁ আৰু কিছু বছৰ খেলি থকা উচিত বুলি মন্তব্য় কৰে লাচিথ মালিংগাই ।

লাচিথ মালিংগা

নিউজ ডেস্ক, ৫ জুলাই : শ্ৰীলংকাৰ বেগী বলাৰ লাচিথ মালিংগাই বৃহস্পতিবাৰে মন্তব্য কৰে যে, ভাৰতীয় উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীয়ে আৰু এক দুই বছৰ ক্ৰিকেট অব্যাহত ৰখা উচিত । যুৱ খেলুৱৈ সকলক তেওঁৰ অভিজ্ঞতাসমূহৰ পৰা কিছু শিকিবলৈ দিয়াৰ উদ্দেশ্যেই তেওঁ খেলি থকা উচিত বুলি মন্তব্য কৰে মালিংগাই । উল্লেখ্য যে, বিশ্বকাপৰ পাছতে ধোনীয়ে অৱসৰ ল'ব বুলি সঘনে চৰ্চা চলি থকাৰ সময়তে মালিংগাই এনেদৰে মন্তব্য কৰে ।

এম. এছ. ধোনী

'বেষ্ট ফিনিছাৰ' হিচাপে সঘনে পৰিচিত ধোনীয়ে শেহতীয়াকৈ তেওঁৰ বেটিঙৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল । কিন্তু ধোনীক পৰাজিত কৰাটো সহজ নহয় বুলি অনুভৱ কৰে মালিংগাই । যোৱা ১০ বছৰৰ ভিতৰত ধোনী বিশ্বৰ শ্ৰেষ্ঠ 'ফিনিছাৰ' বুলিও মালিংগাই দাবী কৰে । ধোনীৰ উপস্থিতিৰ বাবেই টীম ইণ্ডিয়া এক সফল দল আৰু সেয়েহে প্ৰতিটো দলকে পৰাস্ত কৰাৰ যোগ্যতা দলটোৰ আছে বুলি মন্তব্য কৰে মালিংগাই ।

লাচিথ মালিংগা

উল্লেখ্য যে, জুলাই ৬ তাৰিখে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে হেডিংলীত যুঁজত অৱতীৰ্ণ হ'ব । ভাৰতে ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে ।

ABOUT THE AUTHOR

...view details