স্পৰ্টছ ডেস্ক, ২৮ মে': ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন সুৰেশ ৰাইনাই শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত মন্তব্য আগবঢ়াইছে । ৰাইনাৰ মতে, ধোনী ভাৰতীয় দলৰ অধিনায়ক নহ'লেও তেওঁ অধিনায়ক সকলৰো অধিনায়ক । বৰ্তমান নেদাৰলেণ্ডত অৱসৰ বিনোদন কৰি থকা সুৰেশ ৰাইনাই পিটিআইৰ সৈতে হোৱা সাক্ষাৎকাৰত জনাই যে, কাগজ পত্ৰই তেওঁ অধিনায়ক নহ'লেও তেওঁ খেলপথাৰত বিৰাট কোহলীৰ অধিনায়ক হয় । ধোনীয়ে বৰ্তমানো অধিনায়কৰ ভূমিকা পালন কৰাৰ লগতে উইকেটৰ পাছত থাকিলে কোহলীয়ে সকাহ পাই বুলি মন্তব্য কৰে ৰাইনাই।
অধিনায়কৰো অধিনায়ক অধিনায়ক ধোনী : ৰাইনা
ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন সুৰেশ ৰাইনাই মহেন্দ্ৰ সিং ধোনীক অধিনায়ক সকলৰো অধিনায়ক বুলি মন্তব্য কৰিছে । ধোনী উইকেটৰ পাছত থাকিলে দলৰ অধিনায়ক কোহলীয়ে সকাহ পাই বুলি মন্তব্য কৰে ৰাইনাই ।
অধিনায়ক সকলৰো অধিনায়ক ধোনী : ৰাইনা
লগতে ৰাইনাই জানিবলৈ দিয়ে যে, ভাৰতে বিশ্বকাপৰ ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হ'ব । ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দাবী কৰে । তাৰোপৰি ভাৰতীয় দলৰ মধ্যক্ৰম কিছু পৰিমানে দুৰ্বল বুলিও ৰাইনাই মন্তব্য কৰে ।